অসম

assam

ডিব্ৰুগড়ৰ উদয়পুৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড়তো বিজেপিয়ে বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে । নিৰ্বাচনৰ প্ৰস্তুতি তীব্ৰতৰ কৰাৰ উদ্দেশ্যেৰে জিলাখনৰ ১০৫ নং মাহমৰা সমষ্টিৰ অন্তৰ্গত উদয়পুৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিলে স্থানীয় বিধায়ক যোগেন মহনে ।

By

Published : Mar 9, 2021, 1:44 PM IST

Published : Mar 9, 2021, 1:44 PM IST

ডিব্ৰুগড়ৰ মাহমৰা উদয়পুৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয় মুকলি
ডিব্ৰুগড়ৰ মাহমৰা উদয়পুৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

টিংখাং, ৯ মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে অধিক সক্ৰিয়ভাৱে কাম কৰাত ব্যস্ত হৈ পৰিছে । পিছ পৰি ৰোৱা নাই ভাৰতীয় জনতা পাৰ্টী । ডিব্ৰুগড়তো দলীয় কৰ্মীসকলে ৰাইজক আকৰ্ষিত কৰাৰ সুযোগ এৰি দিয়া নাই ।

ডিব্ৰুগড়ৰ মাহমৰা উদয়পুৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

মঙলবাৰে, জিলাখনৰ ১০৫ নং মাহমৰা সমষ্টিৰ অন্তৰ্গত উদয়পুৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় । এই কাৰ্যালয়টো উদ্বোধন কৰে মাহমৰা সমষ্টিৰ বিজেপি বিধায়ক যোগেন মহনে । কাৰ্যালয়টো উদ্বোধনৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ অন্য দলৰ বহু সংখ্যক যুৱক-মহিলাই গোৰুৱা দলটোত অনুষ্ঠানিকভাৱে যোগদান কৰে ।

ডিব্ৰুগড়ৰ মাহমৰা উদয়পুৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

উক্ত অনুষ্ঠানত উপস্থিত থাকে চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাচা, উদয়পুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী স্মিতা দুৱৰাৰ লগতে দলৰ ৰাজ্যিক, জিলা, মণ্ডল আদি বিভিন্ন দায়িত্বত থকা দলীয় কৰ্মীসকল ।

লগতে পঢ়ক:কংগ্ৰেছৰ পৰা টিকট বঞ্চিত হৈ ৰাইজৰ দলত যোগদান নৰেন্দ্ৰ পাৱাৰৰ

ABOUT THE AUTHOR

...view details