অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ উপায়ুক্ত হিচাপে দায়িত্ব ল'লে বিশ্বজিৎ পেগুৱে

গুৱাহাটী মহানগৰৰ পাছতে আগশাৰীৰ চহৰ ডিব্ৰুগড়ৰ নতুন উপায়ুক্ত(deputy commissioner of Dibrugarh) হিচাপে শনিবাৰে দায়িত্ব ল'লে বিশ্বজিৎ পেগুৱে। ইয়াৰ পূৰ্বে গুৱাহাটীৰ উপায়ুক্ত হিচাপে দায়িত্ব পালন কৰিছিল উপায়ুক্ত পেগুৱে ।

By

Published : Nov 20, 2021, 10:41 PM IST

deputy commissioner of Dibrugarh
ডিব্ৰুগড়ৰ উপায়ুক্ত হিচাপে দায়িত্ব ল'লে বিশ্বজিৎ পেগুৱে

মৰাণ, 20 নৱেম্বৰ :ৰাজ্যখনৰ ভিতৰত গুৱাহাটী মহানগৰৰ পাছতে আগশাৰীৰ চহৰ ডিব্ৰুগড়ৰ নতুন উপায়ুক্ত(deputy commissioner of Dibrugarh) হিচাপে শনিবাৰে দায়িত্ব ল'লে বিশ্বজিৎ পেগুৱে । ইয়াৰ পূৰ্বে গুৱাহাটীৰ উপায়ুক্ত হিচাপে দায়িত্ব পালন কৰিছিল উপায়ুক্ত পেগুৱে ।

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰি উপায়ুক্ত গৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ বিষয়া সকলৰ সমন্বিতে কৰ্মচাৰীবৃন্দৰ লগত মত বিনিময় কৰে । জিলাাখনৰ সকলো প্ৰশাসনিক কাম কাজত সকলোৰে সহযোগীতা বিচাৰে উপায়ুক্ত গৰাকীয়ে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বহু বছৰ ধৰি ডিব্ৰুগড়ৰ উপায়ুক্ত হৈ আছিল পল্লৱ গোপাল ঝা । তেওঁক ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়াত ডিব্ৰুগড়ৰ নতুন উপায়ুক্ত হিচাপে দায়িত্ব লৈছে বিশ্বজিৎ পেগুৱে ।

লগতে পঢ়ক:New Deputy Commissioner of Kamrup (M): মহানগৰীৰ প্ৰতিটো সমস্যা সমাধানৰ আশ্বাস পল্লৱ গোপাল ঝাৰ

ABOUT THE AUTHOR

...view details