টিংখাঙৰ কেঁকুৰী পঞ্চায়তত বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচী ডিব্ৰুগড়, 19 জুন:আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যজুৰি অনুষ্ঠিত হৈছে বিষ্ণু ৰাভা দিৱস ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালভাৱে টিংখাঙতো অনুষ্ঠিত কৰা হৈছে বিষ্ণু ৰাভা দিৱস ৷ টিংখাঙৰ কেঁকুৰী পঞ্চায়তত অনুষ্ঠিত হোৱা বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীত অংশ ল'লে ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বড়াই ৷
অসমৰ জাতীয় জীৱনক নিজৰ সৃষ্টি ৰাজিৰে প্ৰাণৱন্ত কৰি তোলা সকলৰ ভিতৰত আছিল বিষ্ণুপ্ৰসাদ ৰাভাদেৱ অন্যতম ৷ সংগীতজ্ঞ, অভিনেতা, গায়ক, চিত্ৰকৰ, নৃত্যবিদ, ৰাজনীতিজ্ঞ, খেলুৱৈ, সাহিত্যিক, সুবক্তা আদি অলেখ ব্যক্তিত্বৰ অধিকাৰী সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই এটা সময়ত চৰকাৰৰ ৰোষত পৰি আত্মগোপন কৰিব লগা হৈছিল ৷ এইবাৰ ৰাজ্য চৰকাৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লৈছে বিষ্ণু ৰাভা দিৱস ৷
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত সোমবাৰৰ পৰা ৰাজ্যৰ প্ৰত্যেকটো সমষ্টিত সৰ্বমুঠ 2 হাজাৰ স্থানত বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি টিংখাং সমষ্টিৰ প্ৰতিটো গাঁও পঞ্চায়ততে অনুষ্ঠিত হৈছে বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচী ৷
টিংখাং সমষ্টিৰ বিভিন্ন গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হৈছে সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকী ৷ টিংখাঙৰ কেঁকুৰী পঞ্চায়তত এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সাংস্কৃতিক মন্ত্ৰী তথা টিংখাং সমষ্টিৰ বিধায়ক বিমল বড়াই ৷ মন্ত্ৰী বিমল বড়াই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলন কৰি আৰম্ভ কৰা অনুষ্ঠানত কেঁকুৰী পঞ্চায়তৰ সভাপতি, টিংখাং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, স্থানীয় লোক আৰু যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে মঙলবাৰে ৰাজ্য চৰকাৰৰ উদ্যোগত ধুবুৰীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব বিষ্ণু ৰাভা দিৱস ৷
লগতে পঢ়ক:Bishnu Rabha Divas observed: তিনিদিনীয়া কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱস উদযাপন