ডিব্ৰুগড়, 20 জুন : আজি সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ 54 সংখ্যক মৃত্যু তিথি ৷ সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে সৈনিক শিল্পীগৰাকীৰ মৃত্যু তিথি । জনতাৰ শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথিৰ দিনটোত বিপ্লৱী শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে সকলোৱে । বহুতে শিল্পীজনৰ সৈতে পাৰ কৰা সময়ৰ কথাবোৰ স্মৰণ কৰি আৱেগিক হৈ উঠা পৰিলক্ষিত হৈছে । একেদৰে ডিব্ৰুগড় জিলাৰ খোৱাং গন্দৈগুৰি গাঁওবাসীয়ে আজিৰ বিশেষ দিনটোত বিশেষভাৱে সুঁৱৰিছে কমিউনিষ্ট ৰাভাক ।
সংবাদ মাধ্যমৰ আগত খোৱাং গন্দৈগুৰি গাঁওবাসীয়ে বিষ্ণু ৰাভাই সংগ্ৰাম চলায় থকা সময়ত খোৱাং গন্দৈগুৰি গাঁওৰ বিশ্বেশ্বৰ শইকীয়া (বিয়াগুন)ৰ ঘৰত আশ্ৰয় লৈ সংগ্ৰামৰ কামকাজ চলায় নিছিল বুলি উল্লেখ কৰে । গন্দৈগুৰি গাঁওৰ মাজেৰে পাৰ হৈ যোৱা ডিমৌ নদীৰ পাৰতে বহি শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই বৰশী টুপাই সময় পাৰ কৰিছিল বুলিও কয় গঞা ৰাইজে । পৰৱৰ্তী সময়ত 'সোণপাহী' উপন্যাসত ৰাভাদেৱে কাল্পনিকভাৱে খোৱাং গন্দৈগুৰি গাঁওত থকা সময়ৰ স্মৃতিবোৰ উল্লেখ কৰিছে বুলি ইতিহাসবিদৰ লগতে খোৱাঙৰ ৰাইজে দাবী কৰে । সেয়ে গন্দৈগুৰি গাঁওৰ ৰাইজে বিষ্ণুপ্ৰসাদ ৰাভাই বৰশী বোৱা ডিমৌ নদীৰ উক্ত ঠাইখিনিক সোণপাহী ঘাটৰূপে নামকৰণ কৰি ফলক স্থাপন কৰিছে ।