সুস্থ হৈ উঠিছে বিষ্ণু খাৰঘৰীয়া - BISHNU KHARGHARIA
হৃগৰোগত আক্ৰান্ত হৈ বিগত তিনিদিন ধৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ থকাৰ পাচত আজি সুস্থ হৈ উঠিছে অভিনেতাজন ৷
ডিব্ৰুগড়,25 এপ্ৰিলঃ অৱশেষত সুস্থ হৈ উঠিছে বিজু ফুকন বঁটাৰে সন্মানিত যশস্বী অভিনেতা বিষ্ণু খাৰঘৰীয়া। হৃদৰোগত আক্ৰান্ত হৈ বিগত তিনিদিন ধৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল অভিনেতা গৰাকী । হৃদযন্ত্ৰত থকা ব্লকৰ বাবে তেওঁ অসুস্থ হৈ পৰিছিল । অৱশেষত উন্নত চিকিৎসাৰ যোগেদি সেই ব্লক মুক্ত কৰি দিয়াৰ পাছতেই সুস্থ হৈ উঠিছে বুলি জানিবলৈ দিয়ে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ইন্দ্ৰ চুতীয়াই । উল্লেখ্য যে, বৃহস্পতিবাৰে তেওঁৰ স্বাস্থ্যৰ বুজ ল’বলৈ AMCHত উপস্থিত হয় বিধায়ক প্ৰশান্ত ফুকন ।