অসম

assam

ETV Bharat / state

জন্মস্থানতেই জ্যোতিৰ স্মৃতিক উপেক্ষা - এগৰাকী প্ৰসিদ্ধ অসমীয়া

অসমৰ কলা-সংস্কৃতিৰ নৱজাগৰণৰ সুন্দৰৰ পুজাৰী,অসমীয়া চলচিত্ৰৰ জগতৰ পিতৃ পুৰুষ ৰূপকোঁৱৰক যেন উপেক্ষা অসম চৰকাৰৰ। অসমীয়া কলা-সংস্কৃতিত বৰেণ্য অৱদান আগবঢ়াই যোৱা এই ব্যক্তি গৰাকীৰৰ ওপজা দিনটোত এগচি বন্তি,কেইপাহমান পুস্প অৰ্পণ কৰিবলৈও আহৰি নহ'ল অসম চৰকাৰ,চৰকাৰৰ সাংস্কৃতিক বিভাগ তথা ডিব্ৰুগড় জিলা প্ৰশাসনৰ।

birthday-of-jyotiprasad-agarwala
জন্মস্থানতেই জ্যোতিৰ স্মৃতিক উপেক্ষা

By

Published : Jun 17, 2021, 10:37 PM IST

ডিব্ৰুগড়, 17 জুন :শিল্পী মই তিনিও কালৰ,

অতীতৰ

বৰ্তমানৰ

অনাগত ভৱিষ্যতৰ

আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ,

ধ্বংসৰ মাজেদি মই

ৰূপান্তৰে দি ৰূপ পাই

নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ

জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ

মই পিন্ধো বিশ্ববেশ...

অসমীয়া জাতীয় জীৱনৰ ৰূপকাৰ এগৰাকী প্ৰসিদ্ধ অসমীয়া ৷ বিষ্ণু প্ৰসাদ ৰাভাৰ ভাষাৰে তেওঁ আছিল আজীৱন ৰূপতীৰ্থ যাত্ৰী । তেওঁৰ প্ৰতিভা আৰু মহত্ব আছিল দিগন্ত ব্যাপী ৷ এটা মাত্ৰ প্ৰতিবেদনত তেওঁৰ 48 বছৰীয়া জীৱন পৰিক্ৰমাক সামৰিব নোৱাৰি ৷ এই গৰাকীয়েই হ’ল জ্যোতি প্ৰসাদ আগৰৱালা, অসমীয়াৰ প্ৰাণৰ ৰূপকোঁৱৰ ৷1903 চনৰ 17 জুনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহবাগিচাত জন্ম গ্ৰহণ কৰিছিল জ্যোতি প্ৰসাদ আগৰৱালাই ৷ অসমীয়া জন জীৱনলৈ জ্যোতিৰ বৰঙণি অপৰিসীম ৷ নামত যেনেকৈ জ্যোতি, তেওঁৰ কামতো আছিল জ্যোতি ৷ জ্যোতিপ্ৰসাদ আচলতে নাছিল কি ? গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চলচ্ছিত্ৰ নিৰ্মাতা, পৰিচালক, চিত্ৰশিল্পী ৷ যাৰ গীতত আছিল কালজয়িনী শক্তি ৷ যাৰ গীতৰ সুৰত আজিও পোৱা যায় অসমৰ কেঁচা মাটিৰ সুগন্ধি ৷ লুইতৰ দৰে চিৰ প্ৰবাহমান হৈ আছে তেওঁৰ গৰিমা ৷

কিন্তু পৰিতাপৰ বিষয় যে, অসমৰ এইগৰাকী ৰূপকাৰক যেন এলাগি হৈ পৰিছে আজি ৷ যিখন তামোলবাৰী চাহ বাগিচাত জনম ধৰিছিল জ্যোতি প্ৰসাদে, সেই জন্মস্থান উপেক্ষিত হৈ ৰোৱা যেন অনুভৱ কৰিছে জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্ম গৃহ সংৰক্ষণ আৰু সংবৰ্ধন দাবী সমিতিয়ে ৷ ৰূপকোঁৱৰৰ ওপজা দিনটোত এগচি বন্তি, কেইপাহমান পুষ্প অৰ্পণ কৰিবলৈও আহৰি নহ'ল অসম চৰকাৰ, চৰকাৰৰ সাংস্কৃতিক বিভাগ তথা ডিব্ৰুগড় জিলা প্ৰশাসনৰ ।

জন্মস্থানতেই জ্যোতিৰ স্মৃতিক উপেক্ষা

আজীৱন কলা-সংস্কৃতিৰ সাধনা কৰি অসম আৰু অসমীয়া জাতীয় জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই এক মাইলৰ খুটি স্থাপন কৰিলে এই মহান শিল্পীগৰাকীয়ে ৷ কিন্তু তেওঁৰ প্ৰতি সমান্যতম সৌজন্যতাও প্ৰদৰ্শন কৰিবলৈ চৰকাৰৰ সময় নোহোৱাটোৱে শিল্পী সাহিত্যিক সকলৰ প্ৰতি ৰজাঘৰীয়া মনোভাৱ কেনে তাকে প্ৰমাণ কৰে বুলি অভিযোগ কৰে জ্যোতি প্ৰসাদ আগৰৱালাৰ একান্ত অনুৰাগী সকলে ।

জন্মস্থানতেই জ্যোতিৰ স্মৃতিক উপেক্ষা


দীৰ্ঘদিন জ্যোতিপ্ৰসাদৰ জন্মগ্ৰহণ কৰা ঘৰখন জ্যোতি তীৰ্থ হিচাবে গঢ়ি তুলি এক সাংস্কৃতিক প্ৰকল্প, গৱেষণা কেন্দ্ৰ, চাহ সংৰক্ষণ গৱেষণা কলা-কেন্দ্ৰ লৈ ৰূপান্তৰিত কৰাৰ দাবী উত্থাপিত হৈ আহিছে । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও তামোলবাৰীৰ জ্যোতি গৃহ সংৰক্ষণ কৰাৰ লগতে অসম সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ এটা শাখা স্থাপন কৰি গৱেষণা আৰু চৰ্চা কেন্দ্ৰ হিচাবে গঢ়ি তোলাৰ ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু সময়ত সেয়া হৈ নুঠিল ৷

জন্মস্থানতেই জ্যোতিৰ স্মৃতিক উপেক্ষা

জ্যোতিৰ জেউতিৰে আজিও জিলিকি আছে অসমীয়া ৷ অসমত আজি তেনে এক ৰূপান্তৰ আৰু পৰিবৰ্তন সাধিব পৰা শিল্পীৰ প্ৰয়োজন । আজিৰ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্য সেয়ে জ্যোতিৰ স্মৃতি চিৰ যুগমীয়া কৰাৰ অৰ্থে চৰকাৰক আহ্বান জনাইছে জ্যোতি প্ৰসাদৰ অনুৰাগী সকলে ৷

লগতে পঢ়ক:আজি ৰূপকোঁৱৰৰ 118 সংখ্যক ওপজাদিন

ABOUT THE AUTHOR

...view details