অসম

assam

ETV Bharat / state

চিৰসেউজ বিষ্ণু খাৰঘৰীয়াৰ ওপজা দিনত চৌপাশ সেউজীকৰণৰ সপোন মৰাণবাসীৰ - Plantation on Bishnu Kharghoria birthday

78 টা বছৰত ভৰি দিলে প্ৰিয় অভিনেতা বিষ্ণু খাৰঘৰীয়াই (Bishnu Kharghoria birthday)৷ বিশিষ্ট শিল্পীগৰাকীৰ ওপজা দিনটো উদযাপন কৰা হ’ল মৰাণত ৷ জন্মদিনৰ অনুষ্ঠানত ভিৰ কৰিলে অনুৰাগীয়ে ৷

চিৰসেউজ বিষ্ণু খাৰঘৰীয়াৰ ওপজা দিনত চৌপাশ সেউজীকৰণৰ সপোন মৰাণবাসীৰ
চিৰসেউজ বিষ্ণু খাৰঘৰীয়াৰ ওপজা দিনত চৌপাশ সেউজীকৰণৰ সপোন মৰাণবাসীৰ

By

Published : Sep 17, 2022, 10:44 PM IST

ডিব্ৰুগড়, 17 ছেপ্টেম্বৰ: আজি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়াৰ ৭৮ সংখ্যক জন্ম দিৱস (Bishnu Kharghoria birthday)। বিশিষ্ট শিল্পীগৰাকীৰ ৭৮ সংখ্যক ওপজা দিনটো মৰাণৰ সেউজপুৰত স্থানীয় ৰাইজ আৰু মৰাণৰ শিল্পী সমাজে ৰাজহুৱাকৈ উদযাপন কৰে ।

জন্মদিন উপলক্ষে কেক কটাৰ পাছতে বিশিষ্ট শিল্পীগৰাকীয়ে এটা গছপুলি ৰোপন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । ইয়াৰ পাছতে প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ নেতৃত্বত বিষ্ণু খাৰঘৰীয়াৰ জন্মদিন উপলক্ষে সেউজপুৰত ৰাইজে ৰোপন কৰিলে ৭৮ টা গছপুলি(Plantation on Bishnu Kharghoria birthday) ।

চিৰসেউজ বিষ্ণু খাৰঘৰীয়াৰ ওপজা দিনত চৌপাশ সেউজীকৰণৰ সপোন মৰাণবাসীৰ

ইয়াৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা আগমন হোৱা অনুৰাগী তথা গুণমুগ্ধই বিশিষ্ট শিল্পীগৰাকীক বিভিন্ন উপহাৰ দি মৰম আৰু শুভেচ্ছা জনায় । জন্মদিনৰ অনুষ্ঠানত অংশ লৈ বিশিষ্ট অভিনেতাজনে সাংবাদিকৰ সন্মুখত মনৰ ভাৱ প্ৰকাশ কৰে এনেদৰে- "মোক মানুহে ইমান ভালপায় বুলি ভবাই নাছিলোঁ । মই কৰিব পৰা কামেই আছিল অভিনয়, সেয়ে কৰি গৈছিলোঁ । আজিলৈকে কিমান ছবিত অভিনয় কৰিলোঁ, মোৰ নিজৰে হিচাপ নাই ’’।

উল্লেখ্য যে, এই অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী বিপিন চাউদাং, কুসুম কৈলাস, মাধৱ ৰঞ্জনকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে (Bishnu Kharghoria birthday at Moran)।

লগতে পঢ়ক:বাৰাণসীত মোদীৰ জন্মদিনত যুৱকসকলৰ টেটু অংকন

ABOUT THE AUTHOR

...view details