অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত লুই ব্ৰেইলৰ ২১২ সংখ্যক জন্মদিন পালন - সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন

সোমবাৰে ডিব্ৰুগড়ত পালন কৰা হয় লুই ব্ৰেইলৰ ২১২ সংখ্যক জন্মদিন ৷ উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ উদ্যোগত চহৰৰ চৌকিডিঙীস্থিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত হয় এই কাৰ্যসূচী ৷

birth-anniversary-of-lui-braille-celebrated-at-dibrugarh
ডিব্ৰুগড়ত লুই ব্ৰেইলৰ ২১২ সংখ্যক জন্মদিন পালন

By

Published : Jan 4, 2021, 6:47 PM IST

মৰাণ, 4 জানুৱাৰী : ফ্ৰান্সৰ পেৰিচত জন্মগ্ৰহণ কৰা মহান দৰদী হিচাপে খ্যাত ব্যক্তি লুই ব্ৰেইলৰ ২১২ সংখ্যক জন্ম দিৱসটি সোমবাৰে ডিব্ৰুগড়ত পালন কৰা হয়। উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ উদ্যোগত চহৰৰ চৌকিডিঙীস্থিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা এই দিৱসৰ লগত সংগতি ৰাখি দৃষ্টিহীনসকলে বিভিন্ন গীত - মাত পৰিৱেশন কৰে।

ডিব্ৰুগড়ত লুই ব্ৰেইলৰ ২১২ সংখ্যক জন্মদিন পালন

সন্থাই অনুষ্ঠানৰ কাৰ্য্যসূচীৰ জৰিয়তে বিভিন্ন দাবীও উত্থাপন কৰে। অসম চৰকাৰৰ বিভিন্ন বিভাগত দিব্যাংগৰ সকলৰ বাবে খালী হৈ থকা বিভিন্ন পদসমূহ অতিশীঘ্ৰেই পূৰণ কৰা, দৃষ্টিহীনসকলৰ বাবে এখন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাকে ধৰি মুঠ আঠটা দাবী উত্থাপন কৰে দৃষ্টিহীন ছাত্ৰ সন্থাই ৷
লগতে পঢ়ক: 72 সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত উজ্বলিব অসমৰ চাহ

ABOUT THE AUTHOR

...view details