মৰাণ, 25 ডিচেম্বৰ: প্ৰয়াত প্ৰধানমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ পিতামহ স্বৰূপ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিনটো সমগ্ৰ দেশতে সু-শাসন দিৱস হিচাপে উদযাপন কৰা হৈছে ৷ ডিব্ৰুগড় জিলাতো বিজেপি দলে সু-শান দিৱস উপলক্ষে অনুষ্ঠিত কৰে বিশেষ অনুষ্ঠান ৷ ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড় পৌৰসভা কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা সু-শাসন দিৱসত অংশগ্ৰহণ কৰে দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীয়ে ।
এই অনুষ্ঠানত পৌৰসভাৰ চাফাই কৰ্মীসকলক সম্বৰ্ধনা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰি ভাৰতৰত্ন প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অৱদানৰ কথা অৱগত কৰে । প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে গঢ়ি থৈ যোৱা ৰাজনৈতিক আদৰ্শৰ ভেঁটিত ঠিয় হৈ আজি বিজেপি দল আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেনেদৰে কোটি কোটি জনতাৰ উন্নয়নৰ বাবে কাম কৰিবলৈ সক্ষম হৈছে সেই কথাও সু-শাসন দিৱসত ৰাইজক অৱগত কৰে সোণোৱালে ।