অসম

assam

ETV Bharat / state

টিংখাঙত পৰিভ্ৰমী চৰাই হত্যা - ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত

টিংখাঙৰ ৰাজগড়ত একাংশ দুষ্ট প্ৰকৃতিৰ যুৱকে পৰিভ্ৰমী চৰাই নিধন কৰা আৰম্ভ কৰিছে । দেওবাৰ এই কাৰ্যত বাধা প্ৰদান কৰে সাংবাদিক তথা একাংশ সচেতন নাগৰিকে ।

টিংখাঙত দুষ্কৃতিকাৰীয়ে হত্যা কৰিলে পৰিভ্ৰমী চৰাই
টিংখাঙত দুষ্কৃতিকাৰীয়ে হত্যা কৰিলে পৰিভ্ৰমী চৰাই

By

Published : Feb 14, 2021, 1:56 PM IST

টিংখাং,১৪ ফেব্ৰুৱাৰী:অসমৰ প্ৰাকৃতিক পৰিৱেশত মোহাচ্ছন্ন হৈ প্ৰতিবছৰে বিভিন্ন প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাইৰ অসমলৈ আগমন ঘটা দেখা যায় ৷ অসমৰ বিভিন্ন প্ৰান্তত এনে বিৰল প্ৰজাতিৰ ভিন্নৰঙী চৰাইৰ কলৰৱে আমোদ আৰু ইতিবাচক চিন্তাৰ খোৰাক দি আহিছে অসমৰ প্ৰকৃতিপ্ৰেমীক ৷ কিন্তু এনে সময়তে দেওবাৰে পুৱা ডিব্ৰুগড়ৰ টিংখাঙৰ ৰাজগড়ত একাংশ দুষ্ট প্ৰকৃতিৰ যুৱকে পৰিভ্ৰমী চৰাই নিধন কৰে ।

প্ৰাতঃভ্ৰমণৰ সময়তে টিংখাঙৰ সাংবাদিক মনোজ সিং আৰু তেখেতৰ পৰিয়ালবৰ্গই ৰাস্তাৰ কাষত একাংশ দুষ্ট প্ৰকৃতিৰ যুৱকে কেটেপাৰে মাংসৰ লোভত পৰিভ্ৰমী চৰাই নিধন কৰা দেখি বাধা প্ৰদান দিয়ে । দলটোৱে নিধন কৰা চৰাইটো এৰি পলাই যাবলৈ সক্ষম হয় যুৱক কেইজন ৷

যুৱককেইজনৰ এই কাৰ্যক এতিয়া তীব্ৰ ভাষাৰে গৰিহণা দিছে বিভিন্নজনে । লগতে এনে ঘটনা সংঘটিত নকৰিবলৈ সকলোকে আহ্বান জনাইছে ৷ সাংবাদিকজনে কয় যে, তিনিচুকীয়াৰ মাগুৰি মাতাপুং বিলত এতিয়া সুন্দৰ পক্ষীৰ কলৰৱে সকলোৰে মন পুলকিত কৰিছে ৷ অসমৰ বিভিন্ন প্ৰান্তত এতিয়া এনে পৰিভ্ৰমী চৰাইৰ আগমন ঘটিছে ৷ এয়া অসমৰ বাবে ইতিবাচক আৰু গৌৰৱৰ বিষয় ৷ কিন্তু আমাৰ একাংশ লোকে এতিয়া এনে পৰিভ্ৰমী আলহী চৰাইক হত্যা কৰিবলৈ লৈছে ৷ এয়া চৰম লজ্জা আৰু দুৰ্ভাগ্যৰ বিষয় বুলি মন্তব্য কৰে সাংবাদিকগৰাকীয়ে ৷

লগতে পঢ়ক:পথ দুৰ্ঘটনাত কৰ্তব্যৰত আৰক্ষী নিহত

ABOUT THE AUTHOR

...view details