অসম

assam

ETV Bharat / state

গীতৰ জৰিয়তে ৰাইজক সজাগ কৰাৰ প্ৰচেষ্টা কন্ঠশিল্পী বিপিন চাউদাঙৰ - ৰাজ্যৰ বিপদৰ সময়ত

যিসকল লোকে লক ডাউন ভংগ কৰি ৰাজপথলৈ অনাহকত ওলাই আহিছে সেই সকল লোকক জনপ্ৰিয় কন্ঠশিল্পী বিপিন চাউদাঙে গীতৰ জৰিয়তে সজাগ কৰিবলৈ চেষ্টা চলাই আহিছে ৷ লক ডাউন মানি ঘৰত থাকিবলৈ আহ্বান শিল্পী গৰাকীৰ ৷

bipin-chawdang-requested-to-everyone-to-stay-at-home
গীতৰ জৰিয়তে ৰাইজক সজাগ কৰাৰ প্ৰচেষ্টা কন্ঠশিল্পী বিপিন চাউদাঙৰ

By

Published : Mar 31, 2020, 2:25 PM IST

মৰাণ,31 মাৰ্চ : মৰাণ, কভিড-19 য়ে বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে বৰ্তমান বিভিন্ন জনে বিভিন্ন মাধ্যমৰ জৰিয়তে ৰাইজক সজাগ কৰি অহা পৰিলক্ষিত হৈছে ৷ কোনোবাই যদি কবিতাৰে আন কোনোবাই সংগীতৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে ৷ যিসকল লোকে লক ডাউন ভংগ কৰি ৰাজপথলৈ অনাহকত ওলাই আহিছে সেই সকল লোকক জনপ্ৰিয় কন্ঠশিল্পী বিপিন চাউদাঙে গীতৰ জৰিয়তে কৰ'ণা সম্পৰ্কত সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ৷

গীতৰ জৰিয়তে ৰাইজক সজাগ কৰাৰ প্ৰচেষ্টা কন্ঠশিল্পী বিপিন চাউদাঙৰ

সকলোকে ঘৰত থাকি লক ডাউন মানিবলৈ আহ্বান জনাইছে শিল্পী গৰাকীয়ে ৷ উল্লেখযোগ্য যে বিপিন চাউদাঙে বিগত সময়তো ৰাজ্যৰ বিপদৰ সময়ত সংগীতৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ অনুদান কামৰূপ জিলা 20 গৰাকী বিষয়াৰ

ABOUT THE AUTHOR

...view details