মৰাণ, 15 আগষ্ট :দেশ স্বাধীন হোৱাৰ পৰা আজি পৰ্যন্ত ৰাজ্যত স্বাধীনতা দিৱস উদযাপন কৰাক লৈ ৰাইজৰ মাজত সদায় ভয় আৰু সংশয়ে দেখা দিছিল । আৰক্ষী প্ৰশাসনে মাহজোৰা প্ৰস্তুতিৰে স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছিল । কাৰণ এটাই আছিল অসমত নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে (ULFA) প্ৰতি বছৰে স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ ভাবুকি প্ৰদান কৰি আহিছিল ।
আলফাই প্ৰতিবছৰে স্বাধীনতা দিৱসত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কুটাঘাত সংঘটিত কৰি সন্ত্ৰাসমূলক কাৰ্য অব্যাহত ৰাখিছিল । কিন্তু এইবাৰ তাৰ ব্যতিক্ৰমী পৰিৱেশ দেখা গ'ল ৰাজ্যত । আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাই (Paresh Baruah) স্বাধীনতা দিৱসৰ পূৰ্বে এইবাৰ স্বাধীনতা দিৱসত কোনো কূটাঘাত সংঘটিত নকৰাৰ কথা প্ৰকাশ কৰিছিল ।
আলফাৰ এই সিদ্ধান্তৰ ফলত পূৰ্বৰ তুলনাত এইবাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি উদযাপন কৰিলে স্বাধীনতা দিৱস ।