অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত নিৰ্মাণৰত ক্ৰীড়া প্ৰকল্পৰ কামক লৈ তীব্ৰ অসন্তুষ্টি মন্ত্ৰী বিমল বৰাৰ

ডিব্ৰুগড় খনিকৰত নিৰ্মাণৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুমুখী ক্ৰীড়া প্ৰকল্পত উপস্থিত মন্ত্ৰী বিমল বৰা ৷ প্ৰকল্পটোত উপস্থিত হৈ প্ৰকল্পটো নিৰ্মাণৰ দায়িত্বত থকা বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী ৷ বৈঠকত মিলিত হোৱাৰ লগতে এই নিৰ্মাণ কাৰ্যৰ কাম ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ নিৰ্দেশ মন্ত্ৰী গৰাকীৰ ৷

bimal borah visited international multipurpose sports project at dibrugarh
ডিব্ৰুগড়ত নিৰ্মাণৰত ক্ৰীড়া প্ৰকল্পৰ কামক লৈ তীব্ৰ অসন্তুষ্টি মন্ত্ৰী বিমল বৰাৰ

By

Published : Jun 1, 2021, 4:11 PM IST

ডিব্ৰুগড়, 1 জুন : ডিব্ৰুগড় খনিকৰত নিৰ্মাণ হৈ থকা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰাই । প্ৰকল্পটোত উপস্থিত হৈ মন্ত্ৰী বিমল বৰাই নিৰ্মাণৰ দায়িত্বত থকা বিষয়াসকলৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷

ডিব্ৰুগড়ত নিৰ্মাণ হৈ থকা ক্ৰীড়া প্ৰকল্পৰ কামৰ লেহেমীয়া গতিত অসন্তুষ্টি প্ৰকাশ মন্ত্ৰী বিমল বৰাৰ

নিৰ্মাণ কাৰ্যৰ কামত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি মন্ত্ৰী বৰাই কামৰ গতি ক্ষীপ্ৰতৰ কৰি তোলাৰ আহ্বান জনায় ৷ বিভাগীয় কৰ্তৃপক্ষই বিভিন্ন অজুহাত দেখুৱাই কামবোৰ লেহেমীয়া কৰাত বিৰক্তি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে অতি সোনকালে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ বিভাগটোক নিৰ্দেশ দিয়ে ৷

উল্লেখ্য যে, যোৱা 2019 বৰ্ষৰ মাৰ্চ মাহত 133 কোটি টকাৰে আৰম্ভ হোৱা এই প্ৰকল্প নিৰ্মাণৰ বাবে 18 মাহৰ সময়সীমা বান্ধি দিয়া হৈছিল যদিও আজি পৰ্যন্ত প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ নুঠিল ৷ আনহাতে, প্ৰকল্পটোৰ নিৰ্মাণত পুনৰ 40 কোটি টকা ব্যয় হোৱা সম্ভাৱনা থকাৰ লগতে অহা 2022 বৰ্ষত নিৰ্মাণ সম্পূৰ্ণ কৰি প্ৰকল্পটো ৰাইজক উৰ্চগা কৰা কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰিলে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : কিয় কৃষকে অগ্নিসংযোগ কৰিলে উৎপাদিত খেতিত ?

ABOUT THE AUTHOR

...view details