অসম

assam

ETV Bharat / state

কেইটামান দিনৰ পাছতে বিদ্যুৎ সেৱাক লৈ অসমৰ ৰাইজে গৌৰৱ কৰিব পাৰিব : শক্তিমন্ত্ৰী - NERPSIP প্ৰকল্প মুকলি কৰিলে শক্তিমন্ত্ৰীয়ে

ডিব্ৰুগড়ত উত্তৰ-পূৱৰ শক্তি খণ্ড উন্নতিকৰণ প্ৰকল্প(NERPSIP)ৰ অধীনত তথা ৱৰ্ল্ড বেংকৰ অনুদানেৰে নিৰ্মিত এম. ভি. এ. চৌকিডিঙ্গীত অৱস্থিত উপ-কেন্দ্ৰৰ শুভ উদ্বোধন শক্তিমন্ত্ৰী বিমল বৰাৰ ৷

bimal-bora-opening-nerpsip-project-in-dibrugarh
কেইটামান দিনৰ পাছতে বিদ্যুৎ সেৱাক লৈ অসমৰ ৰাইজে গৌৰৱ কৰিব পাৰিব : শক্তিমন্ত্ৰী

By

Published : Feb 1, 2022, 1:39 PM IST

মৰাণ, 1 ফেব্ৰুৱাৰী :কেইটামান দিনৰ পাছতে অসমৰ ৰাইজে বিদ্যুৎ সেৱাক লৈ গৌৰৱ কৰিব পাৰিব ৷ ডিব্ৰুগড়ত উপস্থিত হৈ এই মন্তব্য কৰিলে শক্তিমন্ত্ৰী বিমল বৰাই ৷ লগতে শক্তিমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, " প্ৰধানমন্ত্ৰীৰ নেতৃত্বত 2016 চনৰ পৰাই অসমৰ প্ৰতিটো পৰিয়ালক বিদ্যুত যোগান ধৰাৰ বাবে অভিযান আৰম্ভ হৈছিল । ইয়াৰ পাছতে 22 লাখ পৰিয়ালক বিদ্যুত যোগান ধৰাৰ বাবে অসম চৰকাৰ সক্ষম হৈছিল । ইয়াৰ পাছতো থাকি যোৱা সকলক কম দিনৰ ভিতৰতেই বিদ্যুত যোগান ধৰিব চৰকাৰে ৷

কেইটামান দিনৰ পাছতে বিদ্যুৎ সেৱাক লৈ অসমৰ ৰাইজে গৌৰৱ কৰিব পাৰিব : শক্তিমন্ত্ৰী

সোমবাৰে, শক্তিমন্ত্ৰী বিমল বৰাই ডিব্ৰুগড় চহৰৰ চৌকিডিঙিত অৱস্থিত উত্তৰ-পূৱৰ শক্তি খণ্ড উন্নতিকৰণ প্ৰকল্প(NERPSIP)ৰ অধীনত তথা ৱৰ্ল্ড বেংকৰ অনুদানেৰে নিৰ্মিত এম. ভি. এ. চৌকিডিঙ্গীত অৱস্থিত উপ-কেন্দ্ৰৰ শুভ উদ্বোধন কৰি অসমৰ বিদ্যুৎ বিভাগৰ ক্ষেত্ৰত শীঘ্ৰেই বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শক্তিমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে(North Eastern Region Power System Improvement Project) ৷

ডিব্ৰুগড় অঞ্চলটোৰ ৰাইজলৈ অবিৰত বিদ্যুৎ পৰিসেৱা আগবঢ়োৱাৰ লগতে ঔদ্যোগিক বিকাশত উক্ত কেন্দ্ৰটোৱে বিশেষভাৱে সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ইফালে উক্ত প্ৰকল্পটোৰ উদ্বোধনী (Minister Bimal Bora opens NERPSIP project in Dibrugarh) অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে এ পি ডি চি এলৰ বিষয়া কৰ্মচাৰীসকল ।

লগতে পঢ়ক :কবিতা লিখাত ব্যস্ত থাকিলে কংগ্ৰেছৰ গ্ৰহণযোগ্যতা একেবাৰেই নোহোৱা হ'ব : মন্ত্ৰী বিমল বৰা

ABOUT THE AUTHOR

...view details