মৰাণ,23 মাৰ্চ:মাথো তিনিটা দিনৰ পাচতে ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিবাৰ্চনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ আন আন সমষ্টিসমূহৰ দৰে ডিব্ৰুগড়ৰ প্ৰতিটো সমষ্টিৰ প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । শাসক-বিৰোধী উভয় পক্ষই নিজ নিজ কৌশলেৰে পূৰ্ণ গতিত প্ৰচাৰ চলোৱাৰ সমান্তৰালভাৱে মঙলবাৰে চাবুৱা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী অজয় ফুকনেও প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে এক বিশাল বাইক ৰেলী উলিয়ায় ৷
চাবুৱাত অজয় ফুকনৰ বিশাল বাইক ৰেলী - Assam assembly elections 2021
বিধানসভা নিবাৰ্চনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে মাথো তিনিটা দিন বাকী থকা অৱস্থাতে ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ আন আন সমষ্টিসমূহৰ দৰে ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিৰ প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৷ মঙলবাৰে চাবুৱা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী অজয় ফুকনে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে এক বিশাল বাইক ৰেলী উলিয়ায় ৷

চাবুৱাত কংগ্ৰেছ প্ৰাৰ্থী অজয় ফুকনৰ বিশাল বাইক ৰেলী
চাবুৱাত কংগ্ৰেছ প্ৰাৰ্থী অজয় ফুকনৰ বিশাল বাইক ৰেলী
উল্লেখ্য যে, চাবুৱা নগৰৰ পৰা উলিওৱা এই বাইক ৰেলীত চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহৰ সহস্ৰাধিক সমৰ্থকে যোগদান কৰে ৷ সমষ্টিটোত সমৰ্থকসকলক লৈ দিনজোৰা কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলাব বুলি উল্লেখ কৰে প্ৰাৰ্থী অজয় ফুকনে ৷