অসম

assam

ETV Bharat / state

CAA-EIA বাতিলৰ লগতে বহুকেইটা দাবীলৈ মৰাণ ছাত্ৰ সন্থাৰ বিশাল বাইক ৰেলী - অবৈধ মাদক দ্ৰব্য

মৰাণ জনগোষ্ঠীক জনজাতিকৰণ, "CA" "EIA" বাতিল,অবৈধ মাদক দ্ৰব্য,কণ্ডেনচেট বন্ধৰ দাবীত কাকপথাৰত মৰাণ ছাত্ৰ সন্থাৰ বিশাল বাইক ৰেলী ৷

bike rally by moran student's union
মৰাণ ছাত্ৰ সন্থাৰ বিশাল বাইক ৰেলী

By

Published : Aug 6, 2020, 2:00 PM IST

মৰাণ,6 আগষ্টঃমৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে মৰাণ জনগোষ্ঠীক জনজাতিকৰণ,CAA-EIA বাতিল,অবৈধ মাদক দ্ৰব্য বন্ধৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কাকপথাৰত ৷ কাকপথাৰ কাৰ্যালয়ৰ পৰা শতাধিক সদস্যই মটৰ চাইকেলেৰে বিভিন্ন গাঁও পৰিভ্ৰমণ কৰি তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনায় ৷ সংগঠনটোৰ কাকপথাৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা সকলো অবৈধ ব্যৱসায় আৰু কাৰ্যকলাপ বন্ধ কৰি সামাজিক পৰিৱেশ বিনষ্ট নকৰিবলৈ সকলো পক্ষকে আহ্বান জনায় ৷

CAA-EIA বাতিলৰ লগতে বহুকেইটা দাবীলৈ মৰাণ ছাত্ৰ সন্থাৰ বিশাল বাইক ৰেলী

শীঘ্ৰেই এই ব্যৱসায় সমূহ যদি বন্ধ নকৰে তেন্তে উক্ত অবৈধ ব্যৱসায়ী সকলৰ ওপৰত মৰাণ ছাত্ৰ সন্থাই নিজাববীয়াকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷ অবৈধ মদ,কানি,ড্ৰাগছ,জুৱা ইত্যাদি বন্ধৰ লগতে যিকোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু EIA গ্ৰহণ নকৰাৰ হংকাৰ দিয়ে সংগঠনটোৱে ৷

লগতে পঢ়কঃফ্ৰান্সৰ মাৰ্চেলীত ভয়াৱহ দাবানল, 22 জন আহত

ABOUT THE AUTHOR

...view details