মৰাণ,8 এপ্ৰিল: ৰাজ্যত নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে অসমীয়াৰ পদুলিৰ মুখ পালেহি হেঁপাহৰ ৰঙালী বিহুটি ৷ বিহু বুলিয়েই এতিয়া ডেকা-বুঢ়া, গাভৰু-বোৱাৰী সকলোৰে মন উগুল-থুগুল ৷ গাঁৱে-ভূঞে ঢোলৰ গুমগুমনিৰ সমান্তৰালকৈ ভিন্ন প্ৰান্তত চলিছে বিহুৰ কৰ্মশালা । আন আন প্ৰান্তৰ লগতে লাহোৱালৰ পাত্ৰ গাঁৱৰ প্ৰেক্ষাগৃহত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ লাহোৱাল আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় 15 দিনীয়া বিহু নাচ কৰ্মশালা ৷
লাহোৱালৰ 15 দিনীয়া বিহু কৰ্মশালাৰ সফল সামৰণি - ৰঙালী বিহু
অসমীয়াৰ পদুলিৰ মুখ পালেহি হেঁপাহৰ ৰঙালী বিহুটি ৷ বিহু বুলিয়েই এতিয়া ডেকা-বুঢ়া, গাভৰু-বোৱাৰী সকলোৰে মন উগুল-থুগুল ৷ গাঁৱে-ভূঞে ঢোলৰ গুমগুমনিৰ সমান্তৰালকৈ ভিন্ন প্ৰান্তত চলিছে বিহুৰ কৰ্মশালা। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে লাহোৱালৰ পাত্ৰ গাঁৱৰ প্ৰেক্ষাগৃহত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ লাহোৱাল আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় 15 দিনীয়া বিহু নাচ কৰ্মশালা ৷
লাহোৱালৰ 15 দিনীয়া বিহু কৰ্মশালাৰ সফল সামৰণি
বুধবাৰে প্ৰায় 100 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা এই কৰ্মশালাত প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰি কৰ্মশালাখনিৰ সফল সামৰণি পৰে ৷ মানপত্ৰ প্ৰদান অনুষ্ঠানত লাহোৱাল সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰ, মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈ, সহকাৰী সম্পাদক অমৰলেন্দু ফুকনসহ আন আন বিষয়া কৰ্মচাৰী সকলো উপস্থিত থাকে ৷
লগতে পঢ়ক: নাহৰকটীয়াত ৰঙালীক আদৰাৰ প্ৰস্তুতি তুংগত