মৰাণ, ২৪ মাৰ্চ:ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটিমান সপ্তাহ বাকী । ব'হাগ বিহু বুলি কলেই থাকে বহু পৰম্পৰা বহু ৰীতি (Traditions in Rangali Bihu)। তাৰেই অভিন্ন অংশ মটকসকলৰ চ'তৰ বিহু নমোৱা পৰ্ব । গছৰ তলত মটক জনগোষ্ঠীৰ ডেকা-বয়োজেষ্ঠ সকলে আৰম্ভ কৰিছে চ'তৰ বিহু নমোৱা পৰ্ব ।
সমগ্ৰ ৰাজ্যতে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলি থকাৰ মাজতে চাবুৱাৰ বৰুৱাহোলা গাঁৱত মটক জনগোষ্ঠীৰ লোক সকলৰ মাজত দুৰ্লভ দৃশ্য দেখা পোৱা গ'ল । অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ মটক জনগোষ্ঠীৰ লোকসকলে ঐতিহাসিক নিজা ৰীতি-নীতি পৰম্পৰাৰ মাজেৰে চ'তৰ বিহু নমোৱা পৰ্বটি সমাপন কৰে (Bihu rituals of Matak Community)।