ডিব্ৰুগড়, 29 আগষ্ট:পুনৰ টোলগেট স্থাপনৰ সিদ্ধান্ত সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱপ্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ ৰাজ্য চৰকাৰৰ শেহতীয়া কাম-কাজৰ লগতে শাসক দল বিজেপিত সংঘটিত ঘটনাক লৈ ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ৰাজ্য চৰকাৰে শেহতীয়াকৈ পুনৰ 18 খন টোলগেট আৰম্ভ কৰা বাবে প্ৰস্তুতি চলোৱাৰ এক খবৰ ৰাজহুৱা হোৱাৰ পাছতে মংগলবাৰে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদমেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰৰ কামৰ তীব্ৰ সমালোচনা কৰে ।
কংগ্ৰেছ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে 'ৰাইজৰ পদূলিয়ে পদূলিয়ে চৰকাৰ' শ্ল'গান দি চৰকাৰ চলাইছিল । কিন্তু এতিয়া চৰকাৰে ৰাইজৰ পদূলিয়ে পদূলিয়ে টোলগেট স্থাপন কৰিবলৈ লৈছে । এতিয়াৰে পৰা অসমৰ ৰাইজে শদিয়াৰ পৰা ধুবুৰীলৈ গ'লে কমেও 15 ৰ পৰা 20 খন টোলগেটত পইছা দিব লাগিব বুলি কয় বৰাই । এতিয়াৰে পৰা টোলগেটত পইছা দিবলৈ ৰাইজক সাজু হ'বলৈ আহ্বান জনায় কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।