মৰাণ,11 জানুৱাৰী : অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী । গাঁৱে-ভূঞে চলিছে এতিয়া মেজি,ভেলাঘৰ বনোৱাৰ প্ৰস্তুতি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰাণতো মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে । সোমবাৰে মৰাণ চহৰৰ সমীপৰ মৰাণ-সোণাৰি বাচ আস্থানত মাহমৰা উন্নয়ন খণ্ডৰ উদ্যোগত আৰু আত্মসহায়ক গোটৰ সদস্যসকলৰ সহযোগত মাঘ বিহু উপলক্ষে আয়োজন কৰা হয় ‘ভোগালী মেলা’ৰ ৷ ভোগালী মেলাখন আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যৰ ৰাজহ আৰু ৰাজ্যিক গড়কাপ্তানী বিভাগৰ মন্ত্ৰী যোগেন মহনে ৷ থলুৱা জলপান পিঠা-দৈৰে ভৰপূৰ মেলাখনত মুকলি কৰা পাছৰে পৰাই গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হয় ।
মৰাণত "ভোগালী মেলা" উদ্বোধন কৰিলে মন্ত্ৰী যোগেন মহনে - ভোগালী মেলা
উৰুকাৰ প্ৰস্তুতিত এতিয়া ব্যস্ত সকলো ৷ ৰাজ্যৰ ঠায়ে ঠায়ে আয়োজন কৰা হৈছে ভোগালীৰ মেলা ৷
মৰাণত "ভোগালী মেলা" উদ্বোধন কৰিলে মন্ত্ৰী যোগেন মহনে