অসম

assam

ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক হোলী মহোৎসৱ বাতিল

By

Published : Mar 24, 2021, 2:29 PM IST

সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ ৰাজগড় শাখা সমিতিৰ সভাপতি আশাস কলোৱাৰ অকাল মৃত্যুৰ বাবেই টিংখাঙৰ ৰাজগড়স্থিত ঐতিহাসিক শ্ৰীশ্ৰী যুৰীয়া আই থান প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগীয়া ষষ্ঠ বাৰ্ষিক হোলী মহোৎসৱ বাতিল কৰা হৈছে । বুধবাৰে টিংখাঙৰ সাই বিবাহ ভৱনত আয়োজিত সংবাদমেলত এই মহোৎসৱ বাতিলৰ ঘোষণা কৰে সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ টিংখাং আঞ্চলিক সমিতিয়ে ।

ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক হোলী মহোৎসৱ বাতিল
ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক হোলী মহোৎসৱ বাতিল

টিংখাং, ২৪ মাৰ্চ:অহা ২৮ আৰু ২৯ মাৰ্চত টিংখাঙৰ ৰাজগড়স্থিত ঐতিহাসিক শ্ৰীশ্ৰী যুৰীয়া আই থান প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগীয়া ষষ্ঠ বাৰ্ষিক হোলী মহোৎসৱ বাতিল কৰা হৈছে । বুধবাৰে টিংখাঙৰ সাই বিবাহ ভৱনত আয়োজিত সংবাদমেলত এই মহোৎসৱ বাতিলৰ ঘোষণা কৰে সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ টিংখাং আঞ্চলিক সমিতিয়ে ।

ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক হোলী মহোৎসৱ বাতিল

সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ ৰাজগড় শাখা সমিতিৰ সভাপতি আশাস কলোৱাৰ অকাল মৃত্যুৰ বাবেই এই হোলী মহোৎসৱ বাতিল কৰা হৈছে বুলি সংগঠনটোৱে জানিবলৈ দিয়া । সভাপতিগৰাকীৰ মৃত্যুত সংগঠনটোৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ আত্মাৰ সদগতিৰ কামনা কৰে । লগতে তেওঁলোকে ঘোষণা কৰে যে অহা বছৰ একে উদ্দমেৰে তেওঁলোকে আয়োজন কৰিব হোলী মহোৎসৱ ।

সংবাদমেলত ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সঞ্জয় কলোৱা ,টিংখাং আঞ্চলিক সমিতিৰ সভাপতি মনোজ কুমাৰ শ্বাহ ,সম্পাদক বিনোদ শৰ্মা ,উপদেষ্টা অনুপ জয়ছোৱালকে ধৰি শাখা আৰু উপ-শাখাৰ সভাপতি,সম্পাদক সকল উপস্থিত থাকে ।

লগতে পঢ়ক:মাজুলীত বিজেপিত যোগদান শতাধিক লোকৰ

ABOUT THE AUTHOR

...view details