মৰাণ,১১ ডিচেম্বৰ:কংগ্ৰেছ দলক ৰাইজৰ মাজত পুনৰ জনপ্ৰিয় কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশৰ লগত অসমতো ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ হৈছে প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা(Congress Bharat Jodo Yatra) । ধুবুৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা দেওবাৰে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ উদ্য়োগত মৰাণত অনুষ্ঠিত হয় । শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ লোৱা এই ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে ।
টিংখাং, নাহৰকটীয়া আৰু মৰাণ সমষ্টি সামৰি আজি ডিব্ৰুগড় জিলাৰ মৰাণত অনুষ্ঠিত হোৱা ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহি সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে ভাৰত জোড়ো যাত্ৰাই বিজেপিৰ টোপনি নোহোৱা কৰিছে । সাংসদ গৰাকীয়ে লগতে কয় যে শেহতীয়াকৈ হিমাচল প্ৰদেশত কংগ্ৰেছ দলে যি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে তাৰ পৰা অসমৰ প্ৰতিজন কংগ্ৰেছ কৰ্মী উৎফুল্লিত হৈছে(Bharat Jodo Yatra in Assam) ।