টিংখাং, 28 আগষ্টঃ টিংখাঙত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত গৃহ নিৰ্মানত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ এই অভিযোগ হিতাধিকাৰীৰ ৷ উল্লেখ্য যে, প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত মাহমৰা বৰপথাৰ পঞ্চায়তৰ অধীনৰ ঘাঁহি গাঁৱত চম্পা গগৈ আৰু পূৰ্ণ গগৈৰ নামত একোটাকৈ গৃহ আৱন্টিত হৈছিল ৷ গৃহ নিৰ্মানৰ বাবে দুয়োগৰাকী হিতাধিকাৰীৰে একাউন্টত জমা হোৱা ধন তিনিটাকৈ কিস্তিত উলিয়াই গৃহ নিৰ্মানৰ কাম আৰম্ভ কৰিছিল গাঁৱৰে তিনিজনকৈ লোকে ৷
টিংখাঙত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ গৃহ নিৰ্মানত দুৰ্নীতি - Beneficiaries complaint against scam in PMAY
টিংখাঙত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত গৃহ নিৰ্মানত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ গৃহ নিৰ্মানৰ বাবে হিতাধিকাৰীৰ একাউন্টত জমা হোৱা ধন উলিয়াই কাম আধাতে সামৰাৰ অভিযোগ উত্থাপিত হৈছে স্থানীয় তিনিজনকৈ ব্যক্তিৰ বিৰুদ্ধে ৷
টিংখাঙত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ গৃহ নিৰ্মানত দুৰ্নীতি
আনহাতে, বাসগৃহকেইটাৰ ভিতৰত দৰ্জা নলগোৱাকৈ তথা দেৱাল আৰু মজিয়া প্লাষ্টাৰ নকৰাকৈয়ে ধন শেষ হোৱাৰ অজুহাতত নিৰ্মানকাৰ্য আধাতে সামৰে লোককেইজনে ৷ যাৰ বাবে নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহৰ দৰ্জা লগাব লগীয়া হয় চম্পা গগৈ নামৰ মহিলাগৰাকীয়ে ৷
লগতে পঢ়ক-হোজাইত পঞ্চায়তত চৰকাৰী অনুদানৰ ঘৰ দিয়াৰ নামত দুৰ্নীতি