ডিব্ৰুগড়,5 ছেপ্টেম্বৰ:দুলীয়াজানত নিশা উত্তপ্ত পৰিস্থিতি ৷ বীৰ লাচিত সেনা ডিব্ৰুগড় জিলা সমিতিয়ে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচীৰ(Protest programme by beer lachit sena) ৷ বীৰ লাচিত সেনাৰ চাৰিজনকৈ কৰ্মকৰ্তাক ভুৱা গোচৰত জেল-হাজোতলৈ প্ৰেৰণ কৰাৰ অভিযোগ সংগঠনটোৰ ৷
অসম চৰকাৰৰ অ-গণতান্দ্ৰিক কাম-কাজত ক্ষুণ্ণতা প্ৰদৰ্শন কৰি সংগঠনটোয়ে ৰবিবাৰে নিশাৰ ভাগত সাব্যস্ত কৰে প্ৰতিবাদ ৷ তৈলনগৰীখনৰ পিপলতলত বীৰ লাচিত সেনাই সংগঠনটোৰ আটকাধীন কৰ্ম-কৰ্তাসকলৰ মুক্তিৰ দাবী জনায় সাব্যস্ত কৰে প্ৰতিবাদ ৷ টায়াৰ জ্বলাই সংগঠনটোৰ নেতা-কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদস্থলীত মোতায়েন কৰা হয় আৰক্ষী ৷