মৰাণ, 16 নৱেম্বৰঃ আদিবাসী সকলৰ সামাজিক আৰু আৰ্থিক অধিকাৰৰ হকে যুঁজ দিয়া শ্বহীদ বীৰ বীৰছা মুণ্ডাক তেওঁৰ ১৪৫ তম জন্ম জয়ন্তীত আদিবাসী সমাজে দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । এই উপলক্ষে মৰাণত আদীবাসী সমাজৰ মহান সংগ্ৰামী নেতাজনৰ মূৰ্তি উন্মোচন কৰে গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে ।
মৰাণত শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ শৈল মূৰ্তি উন্মোচন - বিশিষ্ট ব্যক্তি
বীৰ বীৰছা মুণ্ডাৰ ১৪৫ তম জন্ম জয়ন্তী উপলক্ষে মৰাণত আদীবাসী সমাজৰ মহান সংগ্ৰামী নেতাজনৰ মূৰ্তি উন্মোচন কৰে গড়কাপ্তানী বিভাগৰ মন্ত্ৰী যোগেন মহনে । উপস্থিত থাকে থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰীৰ লগতে আদিবাসী জনগোষ্ঠীৰটোৰ বহু কেইজন বিশিষ্ট ব্যক্তি ।
![মৰাণত শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ শৈল মূৰ্তি উন্মোচন Beer Birsa Munda inaugurated in Moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9556534-576-9556534-1605507640445.jpg)
মৰাণত শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ শৈল মূৰ্তি উন্মোচন
উল্লেখ্য যে, সংগ্ৰামী শ্বহীদ মুণ্ডা দেৱৰ ১৪৫ তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি মৰাণৰ ৰাজমাই বজাৰ চাৰিআলিত বীৰছা মুণ্ডা দেৱৰ শৈলৰ মূৰ্তি উন্মোচনৰ এক অনুষ্ঠান আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰীৰ লগতে জনগোষ্ঠীটোৰ বহু কেইজন বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়কঃমহাৰাষ্ট্ৰত মহিলাক এছিড ঢালি জীৱন্তে জ্বলাই দিয়া অভিযুক্তক আটক