ডিব্ৰুগড়, 17 এপ্ৰিল :ডিব্ৰুগড়ৰ লেপেটকটাস্থিত বিচিপিএল(গেছ ক্ৰেকাৰ) প্ৰকল্পই ২০২০-২১ বিত্তীয় বৰ্ষত উৎপাদিত পলিমাৰ বিক্ৰী কৰি ২৮১৯ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । এই কথা প্ৰকাশ কৰিছে প্ৰকল্পটোৰ পৰিচালন সঞ্চালক ৰিপ হাজৰিকাই । সাংবাদিকৰে হোৱা এক মত-বিনিময় অনুষ্ঠানত সঞ্চালক হাজৰিকাই কয়, ক'ভিড-১৯ আমাৰ বাবে এক বৃহৎ প্ৰত্যাহৱান আছিল । তেনেক্ষেত্ৰত প্ৰকল্পৰ উৎপাদনত কোনো বাধাৰ সৃষ্টি নোহোৱাকৈ এক পৰিকল্পনা আৰু ক'ভিড প্ৰ'টকলৰ সকলো নিয়মাৱলী পালন কৰি উৎপাদন আগুৱাই নিয়া হৈছিল । কিন্তু সময়ৰ প্ৰত্যাহ্বানত উৎপাদিত পলিমাৰ বিক্ৰীৰ বাবেও চিন্তা কৰিব লগীয়া হোৱা বুলি সদৰি কৰে সঞ্চালক হাজৰিকাই ।
লকডাউনৰ মাজতো লেপেটকটা বিচিপিএল উপাৰ্জন ২৮১৯ কোটি - বিচিপিএল প্ৰকল্পৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ উপাৰ্জন
২০২০-২১ বিত্তীয় বৰ্ষত উৎপাদিত পলিমাৰ বিক্ৰী কৰি ২৮১৯ কোটি টকা উপাৰ্জন কৰিলে ডিব্ৰুগড়ৰ লেপেটকটাস্থিত বিচিপিএল(গেছ ক্ৰেকাৰ) প্ৰকল্পই ৷ এই কথা প্ৰকাশ কৰিছে প্ৰকল্পটোৰ পৰিচালন সঞ্চালক ৰিপ হাজৰিকাই ।
যোৱা বিত্তীয় বৰ্ষত পেট্ৰ'ৰাসায়নিক প্ৰকল্পটোৱে ২.৮৬ লাখ মেট্ৰিক টন পলিমাৰ আৰু ৬০১৪৫ মেট্ৰিক টন লিকুইড হাইড্ৰকাৰ্বন উৎপাদন কৰিবলৈ সক্ষম হয় ৷ ক'ৰণাৰ সময়ত অৰ্থাৎ যোৱা বছৰটোত কেৱল ৩৩ শতাংশ কৰ্মচাৰীৰে প্ৰকল্পটো চলাব লগীয়া হোৱাটো আন এক প্ৰত্যাহবান আছিল বুলি সদৰি কৰে সঞ্চালক ৰিপ হাজৰিকাই । লগতে প্ৰকল্পটোত নিৰ্মাণ হৈ থকা বিউটেন-১ আৰু এইচপিজি প্লান্ট চলিত মাহৰ শেষৰ ফালে এনভাইৰনমেন্ট ক্লীয়েৰেঞ্চ লাভ কৰিব হাজৰিকাই বুলি আশা প্ৰকাশ কৰে। মত-বিনিময় অনুষ্ঠানটোত প্ৰকল্পৰ বিত্তীয় সঞ্চালক পৃথ্বীৰাজ দাস,মানৱ সম্পদ বিভাগৰ মহাপ্ৰবন্ধক অসিত দাস,জ্যেষ্ঠ মহাপ্ৰবন্ধক প্ৰাঞ্জল চাংমাইকে আদি ভালেসংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷
লগতে পঢ়ক: কৰ’ণাৰ বাবে কুম্ভ মেলাক প্ৰতীকিভাৱে ৰখাৰ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ