অসম

assam

ETV Bharat / state

গেছ ক্ৰেকাৰ প্ৰকল্পলৈ দেশৰ শ্ৰেষ্ঠ কোম্পানীৰ সন্মান

উৎফুল্লিত হৈ পৰিছে গেছ ক্ৰেকাৰ প্ৰকল্পটোত প্ৰথমবাৰৰ বাবে বিচিপিএলৰ পৰিচালন সঞ্চালকৰ পদত অধিষ্ঠিত পৰিচালন সঞ্চালক ৰিপ হাজৰিকা ৷ বৰ্তমানে পলিমাৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি পাইছে ৭৩০০০ মেট্ৰিক ট'নলৈ ৷

গেছ ক্ৰেকাৰ প্ৰকল্পলৈ দেশৰ শ্ৰেষ্ঠ কোম্পানীৰ সন্মান
গেছ ক্ৰেকাৰ প্ৰকল্পলৈ দেশৰ শ্ৰেষ্ঠ কোম্পানীৰ সন্মান

By

Published : Jul 24, 2020, 11:02 PM IST

ডিব্ৰুগড়, 24 জুলাইঃ অসম চুক্তিৰ ফচল ডিব্ৰুগড়ৰ গেছ ক্ৰেকাৰ প্ৰকল্পলৈ সুখবৰ ৷ পলিমাৰ উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শ্ৰেষ্ঠ উদ্যোগৰ বঁটা ডিব্ৰুগড়ৰ গেছ ক্ৰেকাৰ প্ৰকল্পলৈ ৷

উৎফুল্লিত BPCL ৰ পৰিচালন সঞ্চালক ৰিপ হাজৰিকা

USA ৰ Berkshire media LLC নামৰ প্ৰতিষ্ঠানৰ দ্বাৰা পেট্ৰকেমিকেল সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত লাভ কৰে এই বঁটা ৷ ইয়াৰ ফলত উৎফুল্লিত হৈ পৰিছে গেছ ক্ৰেকাৰ প্ৰকল্পটোত প্ৰথমবাৰৰ বাবে বিচিপিএলৰ পৰিচালন সঞ্চালকৰ পদত অধিষ্ঠিত উচ্চ কাৰিকৰী অভিজ্ঞতা তথা দক্ষতাসম্পন্ন অসমীয়া পৰিচালন সঞ্চালক ৰিপ হাজৰিকা ৷ এই সফলতাৰ বাবে তেওঁ BCPL প্ৰকল্পৰ লগত জড়িত সহযোগী, সমূহ কৰ্মচাৰী বিষয়া-বৰ্গক ধন্যবাদ জ্ঞাপন কৰে ৷ সকলোৰে প্ৰচেষ্টাত এইটো সম্ভৱ হৈ পৰা বুলি তেওঁ উল্লেখ কৰে ৷

গেছ ক্ৰেকাৰ প্ৰকল্পলৈ দেশৰ শ্ৰেষ্ঠ কোম্পানীৰ সন্মান

উল্লেখযোগ্য যে,প্ৰায় দীঘলীয়া সময় লক ডাউনৰ প্ৰভাৱ আৰু মহামাৰী কৰ’ণাৰ সময়তো অৰ্ধ শতাংশ কৰ্মচাৰীৰ জৰিয়তেই কাম আগবঢ়াই যোৱা গেছ ক্ৰেকাৰ প্ৰকল্পৰ মাৰ্চ মাহলৈকে মুঠ পলিমাৰ উৎপাদন আছিল ৬৬০০০ মেট্ৰিকট'ন পলিমাৰ ৷ ইপিনে বৰ্তমানলৈ পলিমাৰ উৎপাদনৰ পৰিমান বৃদ্ধি পাইছে ৭৩০০০ মেট্ৰিকট'নলৈ ৷

BCPL লৈ দেশৰ শ্ৰেষ্ঠ কোম্পানীৰ সন্মান

উল্লেখযোগ্য যে, High density polyethylene (HDPE), Linear low density polyethylene (LLDPE) আৰু Poly propylene (PP), পলিমাৰ উৎপাদন কৰি দেশৰ লগত বিদেশলৈও ৰপ্তানি কৰিছে ৷ BCPL-ৰ এই সাফল্যত ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও টুইট যোগে প্ৰকল্পৰ বিষয়া-বৰ্গ কৰ্মচাৰী লৈ শুভেচ্ছা প্ৰেৰণ কৰিছে ৷

লগতে পঢ়কঃমালিগাঁৱত কিন্নৰৰ দুটা ফৈদৰ মাজত ৰক্তাক্ত সংঘাত

ABOUT THE AUTHOR

...view details