ডিব্ৰুগড়, ৩০ এপ্ৰিলঃ মহামাৰী কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ অৰ্থাৎ ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ বৃহস্পতিবাৰে আগবাঢ়ি আহে ডিব্ৰুগড়স্থিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডে ।
প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ২০ লাখ টকাৰ সাহাৰ্য BCPL ৰ - coronavirus
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ২০ লাখ টকাৰ সাহাৰ্য আগবঢ়াই ডিব্ৰুগড়স্থিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডে । লগতে BCPLৰ সকলো কৰ্মচাৰীৰ এদিন দৰমহাৰ পৰা মুঠ ১০ লাখ টকা অসম আৰোগ্য নিধিলৈ আগবঢ়াব বুলি সদৰী কৰে ।
![প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ২০ লাখ টকাৰ সাহাৰ্য BCPL ৰ BCPL](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7006690-903-7006690-1588261232243.jpg)
প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ২০ লাখ টকাৰ সাহাৰ্য BCPL ৰ
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডে আগবঢ়াই ২০ লাখ টকাৰ সাহাৰ্য । আনহাতে, মহামাৰী কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ অৰ্থাৎ প্ৰতিৰোধ কৰিবলৈ সকলোকে একগোট হ'বলৈ আহ্বান জনাই প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে ।
তাৰোপৰি BCPL সকলো কৰ্মচাৰীয়ে এদিনৰ দৰমহা তথা অসম আৰোগ্য নিধিলৈ মুঠ ১০ লাখ টকা সাহাৰ্য আগবঢ়াব বুলিও সদৰী কৰে ।