অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ জকাইত বাথৌ পূজা উদযাপন

বুধবাৰে ডিব্ৰুগড়ৰ জকাইত উদযাপন কৰা হয় খ্ৰীং খ্ৰীং বাথৌ পূজা ৷ জকাই আঞ্চলিক ৰাজহুৱা বাথৌ মন্দিৰত সোণোৱাল কছাৰীসকলে উদযাপন কৰে এই পূজা ৷

bathow-puja-celebrated
ডিব্ৰুগড়ৰ জকাইত বাথৌ পূজা উদযাপন

By

Published : Mar 24, 2021, 8:39 PM IST

ডিব্ৰুগড়,24 মাৰ্চ: ডিব্ৰুগড়ৰ জকাইত বুধবাৰে সোণোৱাল কছাৰী লোকসকলে উলহ-মালহেৰে উদযাপন কৰে খ্ৰীং খ্ৰীং বাথৌ পূজা ৷ সোণোৱাল কছাৰী সমাজৰ পৰম্পৰাগত আৰাধ্য দেৱতা খ্ৰীং খ্ৰীং বাথৌ দেৱতাক পূজা কৰাৰ অৰ্থে পুৱাৰ ভাগৰে পৰা জকাই আঞ্চলিক ৰাজহুৱা বাথৌ মন্দিৰত ভিৰ কৰে অগণন ভক্তই ৷

ইয়াৰ পাচতে সোণোৱাল কছাৰী সমাজৰ শৈক্ষিক, সামাজিক, আধ্যাত্মিক চিন্তা-চৰ্চাৰ লগতে সোণোৱাল সমাজৰ বৰ্তমান, অতীত আৰু ভৱিষ্যতৰ ওপৰত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয় । আলোচনা চক্ৰত উপস্থিত থাকে সোণোৱাল কছাৰী সমাজৰ কেইবা গৰাকীও বিশিষ্ট ব্যক্তি ।

ডিব্ৰুগড়ৰ জকাইত বাথৌ পূজা উদযাপন

আনহাতে, বাথৌ দেৱতাৰ চৰণত সেৱা ল’বলৈ উপস্থিত হয় লাহোৱাল সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী বিনোদ হাজৰিকা আৰু ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী দিব্যজ্যাতি দত্ত ৷

লগতে পঢ়ক :জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ 'মহাবিদ্যালয় সপ্তাহ' আৰম্ভ

ABOUT THE AUTHOR

...view details