অসম

assam

ETV Bharat / state

মৎস্য পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন টিংখাঙৰ যুৱকৰ - ডিব্ৰুগড় জিলাৰ টিংখাঙৰ যুৱক বসন্ত বৰা

25 বিঘা মাটিত মৎস্য পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন টিংখাঙৰ বসন্ত বৰাৰ । বছৰি 4-5 লাখ টকাকৈ উপাৰ্জন ।

25 বিঘা মাটিত মৎস্য পালন
মৎস্য পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন টিংখাঙৰ যুৱকৰ

By

Published : Jun 2, 2020, 10:17 AM IST

টিংখাং, 2 জুন : ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এজন ব্যক্তিয়ে মৎস্য পালনেৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন । টিংখাঙৰ গেলাদিচং গাঁৱৰ বসন্ত বৰাই প্ৰথমে এটা পুখুৰীতে মৎস্য পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইয়াৰ পাচতে মীন পালনত লাভাম্বিত হৈ তেওঁ 25 বিঘা মাটিত 11 টা বিশাল পুখুৰী খান্দি সম্প্ৰতি মীন পালন কৰি বছৰি 4-5 লাখকৈ টকা উপাৰ্জন কৰাৰ লগতে বহু নিবনুৱা যুৱক-যুৱতীক এনে কামৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷

মৎস্য পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন টিংখাঙৰ যুৱকৰ

2005 চনৰ পৰাই মীন পালনত মনোনিৱেশ কৰা বসন্ত বৰাই বর্তমান সময়ছোৱাত 500-600 কুইণ্টল মাছ উৎপাদন কৰিবলৈ সক্ষম হৈছে ৷ 25 বিঘা ভূমিৰে আগুৰা 11 টা পুখুৰীত সম্প্ৰতি ৰৌ, বাহু, কুঁহি, কমনকার্প, গ্ৰাছ কার্পৰ উপৰিও বিভিন্ন প্ৰজাতিৰ মাছ উৎপাদন কৰি আহিছে যুৱকজনে ।

উল্লেখযোগ্য যে, এইজন উদীয়মান যুৱকে চৰকাৰৰ RIDF আঁচনিৰ অধীনত নিৰ্মান কৰা নিজৰ ফিচাৰীত বৰ্তমান থলুৱাভাৱে মাছৰ পোনা উৎপাদন কৰা লগতে নগাঁৱৰ পৰা ক্ৰয় কৰি বিক্ৰী কৰি আহিছে ৷ বিগত বছৰত সমূহত মাছৰ পোনা বিক্ৰী কৰিবৰ বাবে নগাঁও, মৰিগাঁও আাদি ঠাইৰ পৰা লোকসকল আহি বহু টকা উপাৰ্জন কৰি লৈ গৈছিল ৷ কিন্তু এইবাৰ লকডাউনৰ ফলত সেইসকল লোক আহিব নোৱাৰাত বসন্ত বৰাই বজাৰ দখল কৰিব সক্ষম হৈছে । ইফালে ব্যক্তিজনে উৎপাদন কৰা মাছে ডিব্ৰুগড়, টিংখাং, নাহৰকটীয়া আদি ঠাইত বুজন পৰিমাণৰ মাছৰ চাহিদা পূৰাবলৈ সক্ষম হৈছে । নিবনুৱা যুৱক-যুৱতী সকলে চাকৰিৰ সন্ধানত বহিৰাজ্যলৈ যোৱাতকৈ নিজৰ ঘৰৰ মাটিত মৎস্য পালন কৰাৰ লগতে বিভিন্ন কৃষিকৰ্মৰ দ্বাৰা স্বাৱলম্বী হ'ব পাৰে বুলি মন্তব্য কৰে বসন্ত বৰাই ।

ABOUT THE AUTHOR

...view details