অসম

assam

ETV Bharat / state

Bank Employees Protest : দ্বিতীয় দিনাও অব্যাহত বেংক কৰ্মচাৰীৰ প্ৰতিবাদ

ৰাজ্যত ইমূৰৰ পৰা সিমূৰলৈ ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ প্ৰতিবাদ অব্যাহত আছে ৷ কেন্দ্ৰীয় চৰকাৰৰ বেংক ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদত নামিছে বিভিন্ন জিলাৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহ (Bank Employees Protest Against Bank Privatisation) ৷

Bankers protest against bank privatization
বেংক কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল ডিব্ৰুগড়

By

Published : Dec 17, 2021, 5:28 PM IST

মৰাণ, শিৱসাগৰ, 17 ডিচেম্বৰ :কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল বেংকসমূহৰ বিষয়া-কৰ্মচাৰী ৷ সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড়তো ৰাজপথলৈ ওলাই আহিল ৰাজহুৱা খণ্ডৰ বিভিন্ন বেংকৰ বিষয়া-কৰ্মচাৰী সকল (Bank Employees Protest Against Bank Privatisation) ৷ সমূহীয়াভাৱে প্ৰতিবাদ সাব্যস্ত কৰিলে ডিব্ৰুগড়স্থিত বেংকসমূহৰ বিষয়া-কৰ্মচাৰী সকল ৷

বেংক কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল ডিব্ৰুগড়

ডিব্ৰুগড় চহৰৰ মাজমজিয়াত অৱস্থিত পঞ্জাৱ নেচনেল বেংকৰ সন্মুখৰ পৰা বেংক কৰ্মচাৰী সকলে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি চৰকাৰ বিৰোধী শ্লোগান দি এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ কোনো কাৰণতে এই সিদ্ধান্ত মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে বেংক কৰ্মচাৰী সকলে ৷

বেংক কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল ডিব্ৰুগড়

একেদৰেই প্ৰতিবাদত উত্তাল হ’ল শিৱসাগৰ জিলা ৷ কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ বেংক সমূহ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰতিবাদত সংযুক্ত বেংক কৰ্মচাৰী ইউনিয়নে আহ্বান দিয়া দুদিনীয়া বেংক ধৰ্মঘটৰ ফলত দুদিন ধৰি শিৱসাগৰত সকলো ৰাষ্ট্ৰীয়কৃত বেংকৰ কাম-কাজ স্থবিৰ হৈ পৰে ৷

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা দুদিনীয়া ধৰ্মঘট কাৰ্যসূচীৰ অংশ হিচাপে শুকুৰবাৰে শিৱসাগৰ জিলাৰ খিজনুৰ আলি পথত থকা ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত বেংক কৰ্মচাৰীসকলে একত্ৰিত হৈ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

ভাৰতীয় মজদুৰ কংগ্ৰেছে সহযোগ কৰা কাৰ্যসূচীত বেংকিং আইন সংশোধন বিল আৰু ৰাষ্ট্ৰীয়কৃত বেংক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰৰ প্ৰস্তাৱক জনবিৰোধী বুলি অভিহিত কৰি দুই সংগঠনে তীব্ৰ প্ৰতিবাদ কৰে ৷ সংগঠন দুটাই চৰকাৰক এই প্ৰস্তাৱ পুনৰ বিবেচনা কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক :চৰকাৰৰ অনুমতি প্ৰাপ্ত কোম্পানীৰ বিৰুদ্ধে আধাৰ কাৰ্ডৰ নামত লুণ্ঠনৰ অভিযোগ

ABOUT THE AUTHOR

...view details