নাহৰকটীয়া, 28 ডিচেম্বৰ:অনিৰ্দিষ্ট কাললৈ বনভোজস্থলীত বন্ধৰ বেনাৰ ওলমালে নাহৰকটীয়াৰ নামফাকে গাঁৱত ৷ CAA বাতিলৰ দাবীৰে এই পদক্ষেপ গ্ৰহণ নামফাকে বাসীৰ ৷
নাহৰকটীয়াৰ নামফাকেত অনিৰ্দিষ্ট কাললৈ বন্ধ বনভোজস্থলী - CAAৰ বিৰুদ্ধাচৰণ
বুঢ়ীদিহিং নৈৰ পাৰৰ অতিকৈ নান্দনিক পৰিৱেশৰ মাজত অৱস্থিত নামফাকে ৷ কিন্তু CAA বাতিলৰ দাবীৰে বনভোজস্থলী বন্ধৰ পদক্ষেপ নামফাকে বাসীৰ ৷
উল্লেখ্য যে, বুঢ়ীদিহিং নৈৰ পাৰৰ অতিকৈ নান্দনিক পৰিৱেশৰ মাজত অৱস্থিত, বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ এই গাঁও খনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে বনভোজ খাবলৈ অহাৰ ওপৰিও, দেশ-বিদেশৰ পৰ্যটকৰো আগমণ ঘটে ৷ কিন্তু ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নামফাকে বাসীয়ে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ গাঁওখনৰ বৌদ্ধ বিহাৰৰ ভান্তে জ্ঞানপাল মাহাথেৰৰ আহ্বান যে, অসমৰ এই সংকট কালত এই স্থানলৈ পিকনিক খাবলৈ অহাৰ পৰিৱৰ্তে সকলোৱে যেন CAAৰ বিৰুদ্ধাচৰণ কৰে ৷
লগতে পঢ়ক:দেশত চলি থকা তীব্ৰ প্ৰতিবাদক আওকাণ বিজেপিৰঃ সীতাৰাম য়েছুৰী