অসম

assam

By

Published : Jul 31, 2020, 2:59 PM IST

ETV Bharat / state

পকীৰ পৰিৱৰ্তে বাঁহেৰে ৰেলিং সাজি দায়িত্ব সামৰিছে গড়কাপ্তানী বিভাগে

ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন কেইবাখনো গুৰুত্বপূৰ্ণ দলঙৰ শোচনীয় অৱস্থা হোৱা সত্বেও ইয়াৰ মেৰামতিত অকণো গুৰুত্ব আৰোপ নকৰিলে গড়কাপ্তানী বিভাগে ৷ ফলত খোৱাঙৰ সমীপৰ গেমন দলঙখনেৰে অতি বিপদজনক অৱস্থাত যাতায়াত কৰিবলগীয়া হৈছে যান-বাহনৰ লগতে পথচাৰী ৷

Bamboo ralling of Gamon Bridge in Khowang Dibrugarh assam etv bharat news
খোৱাঙৰ গেমনৰ দলঙৰ প্ৰকৃত ৰূপ

মৰাণ,৩১ জুলাই: গড়কাপ্তানী বিভাগৰ অন্তৰ্গত পথৰ দুৰৱস্থাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছে ডিব্ৰুগড়বাসী ৷ পৰিৱৰ্তনকামী বিজেপি চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যৰ প্ৰতিটো অঞ্চলত চহৰৰ লগতে গ্ৰামাঞ্চলৰো পথসমূহ উন্নীতকৰণ কৰা হ’ব ৷ কিন্তু সোণোৱাল চৰকাৰৰ মন্ত্ৰীসভাই চাৰিটা বছৰ অতিক্ৰম কৰাৰ পিছতো উন্নত নহ’ল জিলাখনৰ বাট-পথ ৷ উল্লেখ্য যে,জিলাখনৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন কেইবাখনো গুৰুত্বপূৰ্ণ দলঙৰ শোচনীয় অৱস্থা হোৱা সত্বেও ইয়াৰ মেৰামতিত অকণো গুৰুত্ব আৰোপ নকৰিলে গড়কাপ্তানী বিভাগে ৷ ফলত অতি বিপদজনক অৱস্থাত আছে জিলাখন খোৱাঙৰ সমীপৰ গেমন দলঙখন ৷ বহু বছৰ পুৰণি এই দলঙখনৰ কাষত থকা ৰেলিঙসমূহ বৰ্তমান উৱলি যাব ধৰিছে ৷ তদুপৰি বিগত সময়ত সংঘটিত হোৱা এক দুৰ্ঘটনাত দলঙখনৰ প্ৰায় পঞ্চাশ মিটাৰ দৈৰ্ঘৰ ৰেলিং ভাঙি যায় ৷ পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই ইয়াক মেৰামতি কৰাৰ পৰিৱৰ্তে বাঁহৰ সৰু সৰু টুকুৰা ৰেলিঙৰ দৰে সাজি দি দায়িত্ব সামৰে ৷ যাক কেন্দ্ৰ কৰি অঞ্চলটোৰ বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

চৰকাৰৰ ভূৱা প্ৰতিশ্ৰুতি ৰাজ্যবাসীক

আনহাতে,সদাব্যস্ত উক্ত অঞ্চলৰ দলঙখনেৰে দৈনিক আহ-যাহ কৰে বহুসংখ্যক যান-বাহনে ৷ পূৰ্বে এই দলঙখনত সংঘটিত হৈছে কেইবাটাও সৰু-বৰ দুৰ্ঘটনা ৷ সংশ্লিষ্ট বিভাগে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ বাবে অনাগত দিনত ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আংশকাও ব্যক্ত কৰিছে সচেতন মহলে ৷ উল্লেখ্য যে,সম্প্ৰতি অঞ্চলটোৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম অব্যাহত আছে ৷ ইয়াৰ সমান্তৰালকৈ বুঢ়ীদিহিং নদীৰ ওপৰত নতুনকৈ এখন দলং নিৰ্মাণৰ কামৰো প্ৰস্তুতি চলিছে ৷ কিন্তু এই নতুন দলং নিৰ্মাণ হোৱালৈকে গেমনৰ দলঙখনেৰে যাতায়াত কৰিব লাগিব যান-বাহনসমূহে ৷ ফলত দুৰ্ঘটনা ঘটাৰ আশংকা অধিক প্ৰকট হৈ পৰিছে ৷ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্যৰ বিয়াগোম গড়কাপ্তানী বিভাগে বিগত প্ৰায় এটা বছৰে ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পথৰ দলঙত বাঁহৰ ৰেলিং দিয়া বিষয়টোৱে বিকশিত অসমৰ উন্নয়নৰ প্ৰকৃত ছবিখনক অধিক বাস্তৱায়িত ৰূপত তুলি ধৰিছে ৷

লগতে চাওকঃসাহিত্য মনিষী উপবন উদ্বোধন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ABOUT THE AUTHOR

...view details