অসম

assam

ETV Bharat / state

দলঙত বাঁহৰ ৰেলিং লগায়েই দায়িত্ব সামৰিছে গেমনে - গেমন ইণ্ডিয়া নিৰ্মাণকাৰী সংস্থা

দীৰ্ঘদিনৰ পৰা লোকনিৰ্মাণ বিভাগৰ জৰাজীৰ্ণ পথে ভোগাইছে ডিব্ৰুগড়বাসীক ৷ জিলাখনৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাখনো দলং মেৰামতি কৰিবলগীয়া আছিলে যদিও কোনো গুৰুত্ব নিদিলে বিভাগটোৱে ৷ যাৰ ফলত অতি বিপদজনক হৈ পৰিছে গেমন ইণ্ডিয়া নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে নিৰ্মাণ কৰা খোৱাঙৰ সমীপৰ দলংখন ৷

Bamboo railing at Gamon Bridge
গেমন ইণ্ডিয়াই নিৰ্মাণ কৰা দলঙত বাঁহৰ ৰেলিং

By

Published : May 17, 2021, 11:23 AM IST

মৰাণ,17 মে':লোকনিৰ্মাণ বিভাগৰ জৰাজীৰ্ণ পথে দীৰ্ঘদিনৰ পৰা জীয়াতু ভোগাইছে ডিব্ৰুগড়বাসীক ৷ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত লোকনিৰ্মাণ পথৰ লগতে গ্ৰামাঞ্চলৰ পথসমূহৰ কিছু উন্নয়ন হ'ল যদিও জিলাখনৰ মূল পথসমূহ আজিও উন্নত নহ'ল ৷ জিলাখনৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাখনো দলং মেৰামতি কৰিবলগীয়া আছিলে, যদিও কোনো গুৰুত্ব নিদিলে বিভাগটোৱে ৷ যাৰ ফলত অতি বিপদজনক হৈ পৰিছে ডিব্ৰুগড়ৰ খোৱাঙৰ সমীপৰ গেমন ইণ্ডিয়া নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে নিৰ্মাণ কৰা দলংখন ৷

গেমন ইণ্ডিয়াই নিৰ্মাণ কৰা দলঙত বাঁহৰ ৰেলিং

উল্লেখ্য যে, বহুবছৰ পূৰ্বে নিৰ্মাণ কৰা দলংখনৰ প্ৰায় 50 মিটাৰ দৈৰ্ঘৰ ৰেলিং এটি পথ দুৰ্ঘটনাত ভাঙি গৈছিল যদিও আজিলৈকে পুনৰ নিৰ্মাণৰ কোনো গুৰুত্ব নিদিলে বিভাগীয় কৰ্তৃপক্ষই ৷ তাৰ পৰিৱৰ্তে বাঁ‌হৰ সৰু সৰু টুকুৰাৰে ৰেলিঙৰ দৰে সাজি দলঙখনত লগায়ে দায়িত্ব সামৰিছে ৷ সদা ব্যস্ত পথটোৰে দৈনিক হাজাৰ হাজাৰ সৰু-বৰ যান-বাহন অহা-যোৱা কৰা পথটোত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ সংশ্লিষ্ট বিভাগে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভিন্নজনে ৷

ইফালে, ৰাষ্ট্ৰীয় ঘাইপথত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম তথা বুঢ়ীদিহিং নদীৰ ওপৰত নতুনকৈ দলং নিৰ্মাণৰ কামৰ প্ৰস্তুতি চলি থকাত এই দলং খনেৰে নিতৌ অহা-যোৱা কৰে শতাধিক গধুৰ যান-বাহনে । ইফালে অতি পুৰণি এই দলংখন মেৰামতি নকৰাত দ গাঁতৰ সৃষ্টি হোৱাত চিন্তিত হৈ পৰিছে সচেতন মহল ৷ লোকনিৰ্মাণৰ দৰে ৰাজ্যৰ বিয়াগোম বিভাগ এটা থকাৰ পাচতো ৰাষ্ট্ৰীয় পথৰ দলঙত বাঁহৰ ৰেলিং দিয়া বিষয়টোৱে উন্নয়নৰ প্ৰকৃত ছবিখন বাস্তৱিক কৰি তুলিছে ৷

লগতে পঢ়ক:ক'ভিডৰ ভয়াৱহ পৰিস্থিতি: নিৰ্মাণখণ্ডত দেখা দিছে অচলাৱস্থাই

ABOUT THE AUTHOR

...view details