মৰাণ, 12 অক্টোবৰ:খোৱাঙৰ ১ নং শিলপোটা গাঁৱৰ ববী মাউত ৷ যিয়ে ২০০৫ চনৰ পৰা এক পৰিকল্পনা লৈ আগবঢ়ি প্ৰথমে এখন তিনিচকীয়া বাহন সাজি চমক সৃষ্টি কৰিছিল ৷ যাৰ বাবে তেওঁৰ নাম সন্নিবিষ্ট হৈছিল অসম বুক অৱ ৰেকৰ্ডত ৷ তাৰ পাচতে ববী মাউতে চলিত বৰ্ষত এখন চাৰিচকীয়া বাহন নিৰ্মাণ কৰে ৷ যিখনে ৰাইজৰ মাজত ব্যাপক সমাদৰ লাভ কৰাৰ লগতে ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডত স্বীকৃতি লাভ কৰিছে ৷
উদ্ভাৱক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, বাহনখনৰ ইঞ্জিন হৈছে বিক্ৰম কোম্পানীৰ ৷ য'ত সংযোগ কৰা হৈছে ভেচপাৰ চকা ৷ বাহন খনত 6 গৰাকী লোকে কোনো অসুবিধা অবিহনেই যাত্ৰা কৰিব পাৰিব বুলিও জনায় তেওঁ ৷