অসম

assam

ETV Bharat / state

মৰাণত ধৰ্মীয় নীতি নিয়মেৰে পালন বাইথ' পূজা - Moran Baitho puja celebration news

মূলতঃ কৃষিভিত্তিক এই বাৰ্ষিক পৰম্পৰা প্ৰতিবছৰে শিৱৰাত্ৰিৰ পিছৰ দ্বিতীয় অনুষ্ঠিত কৰা হয় ৷ দেওবাৰে অনুষ্ঠিত ‘দেও নমোৱা’ কাৰ্যসূচীৰে আৰম্ভ কৰি এই বাইথ' পূজা অনুষ্ঠিত কৰা হয় ৷ আধ্যাত্মিকতাৰ ভিত্তিক এই লোক পৰম্পৰা সৃষ্টি তত্বৰ সৈতে জড়িত ৷

Baitho puja celebration at Moran
মৰাণত ধৰ্মীয় নীতি নিয়মেৰে পালন বাইথ' পূজা

By

Published : Mar 3, 2020, 6:39 AM IST

Updated : Mar 3, 2020, 7:42 AM IST

মৰাণ,2 মাৰ্চঃ সমগ্ৰ অসমৰ লগতে মৰাণতো সোনোৱাল কছাৰী সকলে ধৰ্মীয় নীতি নিয়মৰ মাজেৰে পালন কৰিছে বাইথ' পূজা । মূলতঃ কৃষিভিত্তিক এই বাৰ্ষিক পৰম্পৰা প্ৰতিবছৰে শিৱৰাত্ৰিৰ পিছৰ দ্বিতীয় সোমবাৰে অনুষ্ঠিত কৰা হয় ৷ দেওবাৰে অনুষ্ঠিত ‘দেও নমোৱা’কাৰ্যসূচীৰে আৰম্ভ কৰি সোমবাৰে এই বাইথ' পূজা অনুষ্ঠিত কৰা হয় ৷ আধ্যাত্মিকতাৰ ভিত্তিত এই লোক পৰম্পৰা সৃষ্টি তত্বৰ সৈতে জড়িত ৷ সম্পূৰ্ণ পৰম্পৰাগত ধৰ্মীয় নীতি নিয়মৰ মাজেৰে মৰাণ আঞ্চলিক সোণোৱাল কছাৰী উন্নয়ন সমিতিৰ উদ্যোগত আৰু মৰাণ মিৰিহোলাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হয় খ্ৰীং খ্ৰীং বাইথ' পূজা । কছাৰীসকলৰ সাংস্কৃতিক নৃত্যৰে বাইথ' পূজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাৰ শুভাৰম্ভ কৰা হয় ।

মৰাণত ধৰ্মীয় নীতি নিয়মেৰে পালন বাইথ' পূজা

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মৰাণ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তুলসী সোণোৱাল,বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লোক-সংস্কৃতি গৱেষক তথা বকুল বন বঁটা প্ৰাপ্ত মনিৰাম সোণোৱাল,বাল্যবিকাশ বিদ্যালয় অধ্যক্ষ ড৹ স্বপন কুমাৰ চুতীয়া,আপকুৰ উপদেষ্টা শোভিত কুমাৰ ছেত্ৰী মৰাণ মহকুমা সাংবাদিক মঞ্চৰ সম্পাদক যদুনাথ পুৰী,সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক বুধিন সোনোৱাল,অসমীয়া জাতীয় গণমঞ্চৰ অকন ভূঞা,তাই আহোম ছাত্ৰ সন্থা ডিব্ৰুগড় জিলাৰ সম্পাদক নিপন ফুকনকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক-কপিলী দলঙৰ তলত সেনাৰ পোচাক সৈতে উদ্ধাৰ চাৰিটা কাঠৰ বন্দুক

Last Updated : Mar 3, 2020, 7:42 AM IST

ABOUT THE AUTHOR

...view details