অসম

assam

ETV Bharat / state

জকাই বাইথ' মন্দিৰত অনুস্থিত কৰা হ'ল খ্ৰীং খ্ৰীং বাইথ' পূজা - সোনোৱাল কছাৰী সমাজৰ পৰম্পৰাগত নিয়ম

খ্ৰীং খ্ৰীং বাইথ' দেৱতাৰ শ্ৰী চৰণত পৰি চাৰি মুঠি জীৱৰ নিস্তাৰৰ বাবে পুৱা ভাগৰে পৰা জকাই আঞ্চলিক ৰাজহুৱা বাইথ' মন্দিৰত অগণন ভক্তৰ সমাগমেৰে পূজা-পাঠ কৰিলে সোনোৱাল কছাৰী সম্প্ৰদায়ৰ লোক সকলে ৷ সোণোৱালসকলে প্ৰাচীন কালৰে পৰা পালন কৰি অহা এই পূজা 'বিহু নমোৱা' উৎসৱৰূপেও পালন কৰি আহিছে ৷

জকাই বাইথ' মন্দিৰত অনুস্থিত কৰা হ'ল খ্ৰীং খ্ৰীং বাইথ' পূজা
জকাই বাইথ' মন্দিৰত অনুস্থিত কৰা হ'ল খ্ৰীং খ্ৰীং বাইথ' পূজা

By

Published : Mar 22, 2021, 10:49 PM IST

মৰাণ,22 মাৰ্চ:সোনোৱাল কছাৰী সমাজৰ পৰম্পৰাগত নিয়ম অনুসৰি সোমবাৰে অনুস্থিত কৰা হ'ল খ্ৰীং খ্ৰীং বাইথ' পূজা ৷ খ্ৰীং খ্ৰীং বাইথ' দেৱতাৰ শ্ৰী চৰণত পৰি চাৰি মুঠি জীৱৰ নিস্তাৰৰ বাবে পুৱা ভাগৰে পৰা জকাই আঞ্চলিক ৰাজহুৱা বাইথ' মন্দিৰত অগণন ভক্তৰ সমাগমেৰে পূজা-পাঠ কৰিলে সোনোৱাল কছাৰী সম্প্ৰদায়ৰ লোক সকলে ৷ সোণোৱালসকলে প্ৰাচীন কালৰে পৰা পালন কৰি অহা এই পূজা 'বিহু নমোৱা' উৎসৱৰূপেও পালন কৰি আহিছে ৷ য'ত প্ৰজননৰ প্ৰতীকৰূপে ময়ূৰ চৰাইৰ নৃত্যভংগিক প্ৰতীকীৰূপত উপস্থাপনেৰে ময়ূৰ পাখিৰ লয়লাস ভংগিমা আৰু মুদ্ৰাসমন্বিত 'হায়দাং গীত-নৃত্য'ৰ মাধ্যমেৰে সেই সৃষ্টিতত্ত্বক স্তুতি জনোৱা হয়।

জকাই বাইথ' মন্দিৰত অনুস্থিত কৰা হ'ল খ্ৰীং খ্ৰীং বাইথ' পূজা

জকাই আঞ্চলিক ৰাজহুৱা বাইথ' মন্দিৰত অনুস্থিত খ্ৰীং খ্ৰীং বাইথ' পূজাত সোনোৱাল সমাজৰ বৰ্তমান, অতীত আৰু ভৱিষ্যতৰ ওপৰত এখনি আলোচনা চক্র অনুষ্ঠিত কৰা হয় ৷ আলোচনা চক্রত সোনোৱাল কছাৰী সমাজৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰাৰ লগতে লাহোৱাল সমষ্টিৰ বিজেপিৰ মনোনিত প্ৰাৰ্থী বিনোদ হাজৰিকা আৰু ৰাইজৰ দলৰ মনোনিত প্ৰাৰ্থী দিব্যজ্যাতি দত্তই আগন্তুক নিৰ্বাচনত জয়যুক্ত হোৱাৰ আশাৰে বাইথ' দেৱতাৰ শ্ৰী চৰণত সেৱা লয় ৷

লগতে পঢ়ক:67 তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: কংগণা ৰাণাৱট, মনোজ বাজপেয়ী, ধনুষলৈ বঁটা

ABOUT THE AUTHOR

...view details