অসম

assam

ETV Bharat / state

সোণোৱাল কছাৰী জনগোষ্ঠীয় পৰম্পৰাগত নৃত্য-গীতেৰে মুখৰিত হ'ল মৰাণ

খ্ৰীং খ্ৰীং বাইথ' পূজা উপলক্ষে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত মাহ জোৰা ব্যাপক উৎসাহ উদ্দীপনা ৷

ETV BHARAT
সোনোৱাল কছাৰী জনগোষ্ঠীয় পৰম্পৰাগত নৃত্য-গীতেৰে মুখৰিত হ'ল মৰাণ

By

Published : Mar 6, 2020, 7:28 PM IST

মৰাণ,6 মাৰ্চঃ মৰাণৰ বহুৱা নাচ, লেচেৰী নৃত্য, হাইদাং হুচৰি নৃত্য-গীতেৰে মুখৰিত হ'ল নতুন বলাই গাঁও ৷ খ্ৰীং খ্ৰীং বাইথ' পূজা উপলক্ষে বাইথ' মন্দিৰ প্ৰাংগনত পৰিৱেশন কৰা হয় সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ বিভিন্ন কৃষ্টি- সংস্কৃতি ।

সোনোৱাল কছাৰী জনগোষ্ঠীয় পৰম্পৰাগত নৃত্য-গীতেৰে মুখৰিত হ'ল মৰাণ

সোনোৱাল কছাৰী জনগোষ্ঠীয় পৰম্পৰাগত নৃত্য-গীতেৰে মুখৰিত হ'ল মৰাণৰ সমীপৰ নতুন বলাই গাঁও । বহুৱা নাচ, লেচেৰী নৃত্য, হাইদাং হুচৰি পৰিৱেশন কৰিলে সোণোৱাল কছাৰীসকলে । খ্ৰীং খ্ৰীং বাইথ' পূজা উপলক্ষে বাইথ' মন্দিৰ প্ৰাংগনত পৰিৱেশন কৰা হয় সোণোৱাল কছাৰী জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি । পৰম্পৰাগত হাইদাং বিহু পৰিৱেশন কৰে সোণোৱাল কছাৰী লোকসকলে । লগতে পৰিৱেশন কৰে লেচেৰী নৃত্য আৰু বহুৱা নাচ । বহুৱা নাচৰ এক স্বকীয় বৈশিষ্ট্য হ'ল এশ এক খিলা কলপাত পিন্ধি এই নাচ পৰিৱেশন কৰা হয় । খ্ৰীং খ্ৰীং বাইথ' পূজাৰ পিছৰ পৰাই সোণোৱাল কছাৰী সকলৰ বছৰৰ বিহু নমোৱা হয় । পৰম্পৰাগত বাইথ' পূজাক কেন্দ্ৰ কৰি সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত মাহ জোৰা ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক - 2021 ৰ নির্বাচনত মুখ্যমন্ত্ৰী সোণোৱালক গাদী সহিতে ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ'বঃ শৃংখল চলিহা

ABOUT THE AUTHOR

...view details