অসম

assam

By

Published : Oct 30, 2020, 3:49 PM IST

ETV Bharat / state

বিধস্ত পথে জীয়াতু ভোগাইছে টিংখাঙৰ এটা বৃহত্তৰ অঞ্চলৰ ৰাইজক

এজাক বৰষুণ দিলেই যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে 119 নং টিংখাং বিধানসভা সমষ্টিৰ কেন্দুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত চাৰেং পথাৰ তথা ওখবামলৈ যোৱা পথটোৰ ৷

Bad road condition at Tingkhang
বিধস্ত পথে জীয়াতু ভোগাইছে টিংখাঙৰ এটা বৃহত্তৰ অঞ্চলৰ ৰাইজক

টিংখাং,30 অক্টোবৰ: স্বাধীনতাৰ 73 বছৰৰ পিছতো এটা বিধস্ত পথে জলা কলা খুৱাই আহিছে টিংখাঙৰ এক বৃহত্তৰ অঞ্চলৰ ৰাইজক ৷ চৰকাৰৰ আহিছে চৰকাৰ গৈছে কিন্তু অঞ্চলটোৰ ৰাইজে দেখা নাই উন্নয়নৰ মুখ ৷ এজাক বৰষুণ দিলেই যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে 119 নং টিংখাং বিধানসভা সমষ্টিৰ কেন্দুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত চাৰেং পথাৰ তথা ওখবামলৈ যোৱা পথটোৰ ৷ ৰাইজৰ অভিযোগ,বহু বাৰ আবেদন নিবেদন কৰাৰ পিছতো আজিকোপতি পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । এগাড়ী শিল পেলাইয়ে দায়িত্ব সামৰাৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ।

বিধস্ত পথে জীয়াতু ভোগাইছে টিংখাঙৰ এটা বৃহত্তৰ অঞ্চলৰ ৰাইজক

শেহতীয়াকৈ কেন্দুগুৰি গাঁও পঞ্চায়তৰ তৰফৰ পৰা চতুৰ্দশ বিত্ত আয়োগৰ অধীনত পথটো শিল পেলাবৰ বাবে দুই লাখ টকা অনুমোদন কৰিছে যদিও কামৰ গতি লেহেমীয়া হোৱাৰ অভিযোগ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গাঁওখনৰ ৰাইজে ৷ অত্যন্ত গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ বাবে যি আঁচনি ৰূপায়ণ কৰা হৈছে সেই কাম অতি শীঘ্ৰে ফলপ্ৰসূ কৰি ৰাইজক যাতায়তৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে স্থনীয় ৰাইজে ৷

লগতে পঢ়কঃৰাজ্যৰ নতুন মুখ্য সচিব জিষ্ণু বৰুৱা

ABOUT THE AUTHOR

...view details