মৰাণ, 11 অক্টোবৰঃ যি সময়ত 'স্বচ্ছ ভাৰত'ৰ দৰে আঁচনিৰে সমগ্ৰ ভাৰতবৰ্ষক স্বচ্ছতাৰ দিশত আগুৱাই নিবলৈ চেষ্টা কৰা হৈছে তেনে সময়ত অসমৰ এখন আগশাৰীৰ চহৰ মৰাণত চৰকাৰী কাৰ্যালয়তে ধোঁৱাচাঙত উঠিল স্বচ্ছ ভাৰত আঁচনি ৷ মেৰামতিৰ অভাৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত জৰাজীৰ্ণ হৈ পৰা মৰাণৰ বাছ আস্থানটো ক্ৰমান্বয়ে ডাষ্টবিনৰ ৰূপ লৈছে ৷ বাছ আস্থানৰ চৌহদত দ গাঁতৰ সৃষ্টি হোৱাৰ ফলত সপ্তাহ-দহ দিনলৈকে বৰষুণৰ পানী গোট খাই বোকাময় হৈ পৰে মৰাণৰ বাছ আস্থান ৷ বহু কেইজন চৰকাৰী পৰিবহন বিষয়া থকা কাৰ্যালয়টোত নাই শৌচাগাৰৰ ব্যৱস্থা ৷ বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নথকা কাৰ্যালয়টোত নাই দমকলৰো ব্যৱস্থা ৷
মৰাণ চৰকাৰী বাছ আস্থানত পুতি গন্ধময় পৰিবেশ - Bad condition of Moran ASTC bus station
মেৰামতিৰ অভাৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত জৰাজীৰ্ণ হৈ পৰা মৰাণৰ বাছ আস্থানটো ক্ৰমান্বয়ে ডাষ্টবিনৰ ৰূপ লৈছে ৷ বাছ আস্থানৰ চৌহদত দ গাঁতৰ সৃষ্টি হোৱাৰ ফলত সপ্তাহ-দহ দিনলৈকে বৰষুণৰ পানী গোট খাই বোকাময় হৈ পৰে মৰাণৰ বাছ আস্থান ৷

আনহাতে, বাছ আস্থানটোৰ চাৰিওকাষে চাহ-ভাতৰ হোটেলৰ লেতেৰা আৱৰ্জনাৰ লগতে অন্য পেলনীয়া সামগ্ৰীৰে ভৰপূৰ ৷ কিন্তু এইবোৰ বিষয়ৰ প্ৰতি কোনো গুৰুত্ব নাই বিভাগীয় কৰ্মচাৰীৰ ৷ ইয়াৰ পূৰ্বে সংবাদ মাধ্যমত পৰিবহন নিগমৰ বাছ আস্থানৰ জৰাজীৰ্ণ অৱস্থা সম্পৰ্কে বিস্তৃত প্ৰতিবেদন প্ৰকাশ হোৱাৰ পাচতে বিভাগীয় কৰ্তৃপক্ষই অতি কম দিনতে বাছ আস্থানটো আধুনিকীকৰণ কৰা হ'ব বুলি জানিবলৈ দিছিল যদিও এইপৰ্যন্ত সেয়া হৈ উঠা নাই ৷
অসমৰ পৰিবহন ব্যৱস্থাসমূহক লৈ ৰঙীণ বিজ্ঞাপনেৰে চমক সৃষ্টি কৰিবলৈ চেষ্টা কৰা সময়তে বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলা তথা মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে মৰাণ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানটো আধুনিকীকৰণ কৰাত অলপো গুৰুত্ব নিদিয়াত বিধায়কগৰাকীক লৈ ক্ষোভিত মৰাণৰ সচেতন ৰাইজ ৷
TAGGED:
মৰাণৰ বাছ আস্থান