মৰাণ,15 নৱেম্বৰঃ অসমৰ চুকে-কোণে বিভিন্ন স্থানত থকা ৰজা-মহাৰজা সকলৰ মৈদাম সমূহৰ অধিকাংশই পুৰাতত্ত্ব বিভাগৰ অমনোযোগীতাৰ বাবে ধ্বংসৰ দিশলৈ গতি কৰিছে। তেনে এক দৃশ্যই পৰিস্ফুত হৈছে মৰাণ বিধান সভা সমষ্টিৰ অন্তৰ্গত খোৱাঙৰ মণিপথাৰত। খোৱাং চাহ বাগিচাৰ এলেকাধীন মণিপথাৰত থকা ইতিহাস প্ৰসিদ্ধ বহিখোৱা বৰফুকন ৰজাৰ শাসনকালৰ প্ৰায় দুই শতাধিক মৈদাম এতিয়া নিঃশেষ হোৱাৰ দিশত । খোৱাং চাহ বাগিচাৰ মাজত থকা মৈদাম সমূহৰ প্ৰায় সংখ্যকেই বাগিচা কৰ্তৃপক্ষই খহাই শেষ কৰি পেলাইছে । কেৱল ইমানেই নহয়, অস্তিত্বৰ সংকটত থকা মৈদাম সমূহৰ ওপৰত ৰোপণ কৰি দিয়া হৈছে চাহগছ । কোনো লোকে এই মৈদাম সমূহ পৰিদৰ্শনৰ বাবে গ'লেও বাগিচা কৰ্তৃপক্ষৰ অনুমতি লৈহে এই ঐতিহাসিক স্থানত প্ৰৱেশ কৰিব লগা হয় । যাৰ ফলত এক ইতিহাস শেষ হৈ যোৱাৰ উপক্ৰম হৈছে ।
এই ঐতিহাসিক মৈদাম সমূহ সংৰক্ষণ কৰিবৰ বাবে তাই আহোম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে যদিও সংশ্লিষ্ট বিভাগে আজি পৰ্যন্ত কোনো ব্যৱস্থা হাতত লোৱা নাই । আনকি মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈও এই মৈদাম সমূহ সংৰক্ষণৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । মৰাণ সমষ্টি উন্নয়ণ পৰিষদৰ সভাপতি চন্দন গগৈয়ে সাংবাদিকৰ আগত কয়, 'এয়া এক ঐতিহাসিক সম্পদ, সেয়ে এই সম্পদ সমূহ সংশ্লিষ্ট বিভাগে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰক । এনেদৰেই যদি থাকে এদিন এই সম্পদ সমূহ নোহোৱা হৈ যাব ।'