অসম

assam

ডিব্ৰুগড়ৰ কলাখোৱাত বানপীড়িত ৰাইজৰ হাহাকাৰ

By

Published : Aug 22, 2020, 12:40 PM IST

পথাৰত ৰুবলৈ নাই কঠীয়া, চন পৰি ৰ'ব শ' শ' বিঘা কৃষিভূমি, নীৰৱ কৃষি বিভাগ ৷ জনস্বাস্থ্য আৰু পশু স্বাস্থ্যৰ প্ৰতি আহি পৰিছে ভাবুকি । বহু লোক জ্বৰ, চৰ্দি আদি ৰোগত আক্ৰান্ত হৈছে ৷ পশুধনৰ স্বাস্থ্য ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে অঞ্চলটোত । উপযুক্ত খাদ্যৰ অভাৱত ৰোগাক্ৰান্ত হৈ পৰিছে বহু পশুধন ।

Bad condition of Farmers at Moran
ডিব্ৰুগড়ৰ কলাখোৱাত বানপীড়িত ৰাইজৰ হাহাকাৰ

মৰাণ,২২ আগষ্টঃ বানত সৰ্বস্বান্ত হোৱা ডিব্ৰুগড়ৰ কলাখোৱাবাসীৰ সমস্যা আজিও যেন অন্ত পৰা নাই । পানী শুকোৱাৰ পিচত লোকসকলে নিজৰ আপোন ঘৰখন সজাই তুলিছে যদিও উদং পথাৰখন দেখি মুৰে কপালে হাত দিব লগা হৈছে তেওঁলোকে । কাৰণ বানে তচ-নচ্ কৰি পেলোৱা পথাৰখনত ৰুবলৈ নাই কঠীয়া । বহু আশাৰে পাৰি থোৱা কঠীয়া বিলাক বানে নষ্ট কৰি পেলোৱাৰ পিচত দিশহাৰা হৈ পৰিছে কৃষকসকল ।

স্থানীয় মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে লেজাই অঞ্চলৰ সীমিত সংখ্যক লোকক কঠীয়া যোগান ধৰিছে যদিও কলাখোৱাৰ গৰিষ্ঠ সংখ্যক কৃষকে এমুঠি কঠীয়াৰ বাবে হাহাকাৰ কৰিব লগা হৈছে । অৱশ্যে দুই এজন কৃষকে মিতিৰ-কুটুম আদিৰ পৰা কঠীয়া সংগ্ৰহ কৰি হ'লেও আপোন পথাৰখন সেউজীয়া কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও শ' শ' বিঘা কৃষিভূমি চন পৰি ৰ'ব বুলি ৰাইজে জানিবলৈ দিছে ।

বিশেষকৈ দ-কলাখোৱা অঞ্চলৰ বহুকেইটা কৃষক পৰিয়ালে এডৰা মাটিও কঠীয়া অভাৱত ৰুব পৰা নাই । এই ক্ষেত্ৰত কৃষি বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । মনকৰিবলগীয়া যে বৃহত্তৰ লেজাই-কলাখোৱা অঞ্চলৰ বৰদৈবাম, মাজগাওঁ‌, দীঘলীয়া, দ-কলাখোৱা, ইটাখুলী, চৰাইবাহী, চাকৈ পথাৰ, পানী গাওঁ, পানী মিচিং গাওঁ, চেঁ‌চা ন-গাঁও, আদি প্ৰায় কুৰি খনৰো অধিক গাওঁ চেঁ‌চা নদীৰ বাঢ়নী পানীৰ কবলত পৰিছিল । এতিয়া এই গাওঁকেইখনৰ পানী শুকোৱাৰ পিছত জনস্বাস্থ্য আৰু পশু স্বাস্থ্যৰ প্ৰতি আহি পৰিছে ভাবুকি । বহু লোক জ্বৰ, চৰ্দি আদি ৰোগত আক্ৰান্ত হৈছে বুলি স্থানীয় লোকে জানিবলৈ দিছে । বানপীড়িত ৰাইজৰ কাষত নাই কোনো স্বাস্থ্য শিবিৰ । ওচৰতে লেজাই-কলাখোৱা মডেল হাস্পাটল আছে যদিও ক'ভিডৰ ভয়ত স্বাস্থ্য কেন্দ্ৰলৈ যাবলৈ অমান্তি হৈছে তেওঁলোক ।

ডিব্ৰুগড়ৰ কলাখোৱাত বানপীড়িত ৰাইজৰ হাহাকাৰ

স্বাস্থ্য বিভাগেও এই সকল দুৰ্ভগীয়া ৰাইজক গুৰুত্ব দিয়া নাই বুলি স্থানীয় লোকে জানিবলৈ দিছে । ইফালে পশুধনৰ স্বাস্থ্য ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে অঞ্চলটোত । উপযুক্ত খাদ্যৰ অভাৱত ৰোগাক্ৰান্ত হৈ পৰিছে বহু পশুধন । পশু চিকিৎসা বিভাগেও এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই । যাৰ বাবে ক্ষোভিত হৈ পৰিছে বানপীড়িত ৰাইজ । সৰ্বদিশতে এলাগী হৈ পৰা কলাখোৱা বাসীৰ ওচৰত নাই এতিয়া জিলা প্ৰশাসনৰ লোক কিম্বা জনপ্ৰতিনিধি । যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ আগন্তুক দিন বিলাকত তেওঁলোকৰ জীৱন-জীৱিকাক লৈ চিন্তিত হৈ পৰিছে।

লগতে পঢ়কঃ বাক্সাত কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী এজন বহিঃৰাজ্যৰ যুৱক

ABOUT THE AUTHOR

...view details