অসম

assam

ETV Bharat / state

বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে দুলীয়াজানবাসী ৰাইজক - Dulijan road

দুলীয়াজানৰ বকুলনী গাঁও পঞ্চায়তৰ কেইবাটাও বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক ৷ শীঘ্ৰে পথটো মেৰামতি কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে বৃহত্তৰ অঞ্চলৰ ৰাইজে ৷

বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে দুলীয়াজানবাসী ৰাইজক
বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে দুলীয়াজানবাসী ৰাইজক

By

Published : May 22, 2021, 10:10 PM IST

মৰাণ,22মে': বাৰিষা আহিলেই গ্ৰাম্যাঞ্চলৰ লোক সকলৰ পানীত হাঁহ-নচৰা অৱস্থাৰ সৃষ্টি হয় । প্ৰতিবছৰে ৰাজ্যৰ বান সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰিত হৈ আহিছে বহু খবৰ ৷ ৰাজ্য চৰকাৰে বান ৰোধৰ বাবে লোৱা ভূমিকাও যেন পৰিণত হৈছে ফুটুকাৰ ফেনলৈ ৷ ইয়াকেই যেন প্ৰমাণ কৰিছে দুলীয়াজান সমষ্টিৰ অন্তৰ্গত ৰঙাগড়া, ভাদৈ, বকুলনী গাঁও পঞ্চায়তৰ কেইবাটাও বিধ্বস্ত পথে ।

মুলতঃ পঞ্চায়ত কেইটাৰ অন্তৰ্গত বাহনী গাঁও, বৰপথাৰ, কঠালগুৰি গাঁৱৰ পথ কেইটাই এতিয়া সমস্যাত পেলাইছে ৰাইজক ৷ কিয়নো এজাক বৰষুণতেই পথকেইটাৰ অৱস্থা হৈ পৰে শোচনীয় ৷

বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে দুলীয়াজানবাসী ৰাইজক

ইপিনে, ৰোগীৰ চিকিৎসা, বিদ্যালয়-মহাবিদ্যালয়, বেপাৰ -বাণিজ্য আদি কামৰ একমাত্ৰ কেন্দ্ৰ হিচাপে পৰিচিত দুলীয়াজান, নীপকো, ভাদৈ আদি চহৰলৈ যোৱা মূল পথসমূহ মেৰামতি কৰাত চূড়ান্ত গাফিলতি কৰাৰ অভিযোগ দীৰ্ঘদিনে উত্থাপন হৈ আহিছে ৷ দীৰ্ঘদিনৰ পৰাই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে জীয়াতু ভুগিব লগা হৈছে । বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক বহুবাৰ পথকেইটাৰ মেৰামতিৰ ক্ষেত্ৰত আবেদন জনাই অহা হৈছে যদিও বৰ্তমানলৈকে কোনো সুফল পোৱা নাই ৰাইজে ৷ যাৰ বাবে ৰাইজে শীঘ্ৰে পথকেইটা মেৰামতি কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে ।

অন্য এক খবৰৰ বাবে: চিৰা-মুড়ি খাই পদপথত জীৱন নিৰ্বাহ কৰা এহাল বৃদ্ধ দম্পতি

ABOUT THE AUTHOR

...view details