মৰাণ,23 মে’: নিৰ্মাণৰ পাচতেই বহি গ’ল খোৱাঙৰ ঐতিহাসিক বৰফুকন আলিৰ এটা কালভাৰ্ট ৷ 10 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা খোৱাঙৰ বৰফুকন আলিৰ এই কালভাৰ্ট নিৰ্মাণৰ পিছতে বহি যোৱাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাইজৰ মাজত ।
উল্লেখ্য যে, খোৱাং আজাৰগুৰিৰ পৰা 6 কিলোমিটাৰ পথ চিগনেচাৰ প্ৰকল্পৰ অধীনত 10 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল । পথটো নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতে আজাৰগুৰিৰ সমীপৰ এটা জানৰ ওপৰত নিৰ্মাণ কৰা হৈছিল এই কালভাৰ্টটো ৷ এই নৱ-নিৰ্মিত কালভাৰ্টটোত এতিয়া প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত যাতায়ত ব্যৱস্থাত ব্যাঘাত জন্মিছে । যিকোনো মূহুৰ্ততে সংঘটিত হ’ব পাৰে ভয়ংকৰ পথ দুৰ্ঘটনা ৷