গোলাঘাট, ১ এপ্ৰিল: ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে দেশজুৰি ইতিমধ্যে বিশেষ যোগ কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা কৰিছে ৷ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ১০০ দিন শীৰ্ষক এই বিশেষ কাৰ্যসূচীৰ অংশ হিচাবে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে ৭ এপ্ৰিলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এক ৰাষ্ট্ৰীয় যোগ অনুষ্ঠানৰ আয়োজন কৰিছে (Yoga divas at Dibrugarh University) ৷
কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শনিবাৰে দুপৰীয়া ডিব্ৰুগড়ত উপস্থিত হৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ৭৫ দিনৰ বিশেষ যোগ কাৰ্যসূচীৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে ৷ দুয়োগৰাকী মন্ত্ৰীয়ে প্ৰথমে বিশ্ববিদ্যালয় চৌহদত অহা ৭ এপ্ৰিলৰ ৰাষ্ট্ৰীয় স্তৰৰ যুগ অনুষ্ঠানৰ স্থান পৰিদৰ্শন কৰে ৷
বিশ্ববিদ্যালয়ৰ সভাগৃহত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ তথা ৰাজ্যিক আয়ুষ সঞ্চালকালয়ৰ বিষয়াবৰ্গ, জিলা উপায়ুক্ত আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এখন বৈঠকতো মিলিত হয় কেন্দ্ৰীয় আয়ুষ মন্ত্ৰীগৰাকী (Ayush minister Sarbananda Sonowal) ৷ ৭ এপ্ৰিলৰ ৰাষ্ট্ৰীয় স্তৰৰ বিশেষ যোগ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সোণোৱাল আৰু ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভাগীয় মন্ত্ৰী, শীৰ্ষ বিষয়াবৰ্গ তথা বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব ৷