অসম

assam

ETV Bharat / state

অযোধ্যাৰ ৰায়দানক ব্যতিক্ৰমী প্ৰশংসা এজন শিল্পীৰ - Artist Saptarshi Gogoi's tribute to CJI Ranjan Gogoi

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায়দানৰ পাছতেই ৰং তুলিকাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ লগতে ৰাম মন্দিৰ অংকন কৰি কৃতজ্ঞতা জনালে চিত্ৰশিল্পী সপ্তৰ্ষি গগৈয়ে ।

অযোধ্যাৰ ৰায়দানৰ প্ৰতি ব্যতিক্ৰমী প্ৰশংসা এজন শিল্পীৰ

By

Published : Nov 13, 2019, 4:41 AM IST

নাহৰকটীয়া,13 নৱেম্বৰঃঅযোধ্যাৰ ৰাইদানৰ প্ৰতি ব্যতিক্ৰমী প্ৰশংসা নামৰূপৰ এগৰাকী চিত্ৰশিল্পীৰ । দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায়দানৰ পাছতেই ৰং তুলিকাৰে মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ লগতে ৰাম মন্দিৰ অংকন কৰি কৃতজ্ঞতা জনালে শিল্পী গৰাকীয়ে ।

অযোধ্যাৰ ৰায়দানৰ প্ৰতি ব্যতিক্ৰমী প্ৰশংসা এজন শিল্পীৰ

উল্লেখ্য যে কেইবা দশকৰ জল্পনা কল্পনাৰ অন্তত যোৱা 9 নৱেম্বৰ তাৰিখে অযোধ্যা বিবাদৰ চূড়ান্ত ৰায়দান হিচাপে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ ৰায়দান দিছিল অসম সন্তান ৰঞ্জন গগৈৰ নেতৃত্বত 5জনীয়া বিচাৰপীঠে । দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ এই সিদ্ধান্তক দেশবাসীয়ে আকোঁৱালি লোৱাৰ মাজতে তেওঁৰ গৃহ জিলা ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ সপ্তৰ্ষি গগৈ নামৰ এজন চিত্ৰশিল্পীয়ে এই ৰায়দানলৈ জনালে ব্যতিক্ৰমী সন্মান । এই ঐতিহাসিক ৰায়দানৰ প্ৰতি সন্মান জনায় ৰং তুলিকাৰে দেশৰ জাতীয় পতাকাৰ মাজত ৰাম মন্দিৰৰ লগতে ৰঞ্জন গগৈৰ এক প্ৰতিচ্ছবি তৈয়াৰ কৰি উলিয়াইছে শিল্পী গৰাকীয়ে । এই কামেৰে নাহৰকটীয়া বাসীৰ মাজত সমাদৰ বুটলিবলৈ সক্ষম হৈছে চিত্ৰশিল্পী গৰাকীয়ে ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details