মৰাণ, ২ আগষ্ট:ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া মৰাণ নগৰত ১৯০৫ চনতে স্থাপিত মৰাণ নগৰৰ একমাত্ৰ চৰকাৰী চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসক নিযুক্তি আৰু ২৪ ঘন্টাই জৰুৰীকালীন সেৱা অব্যাহত ৰখাৰ দাবীত অসমীয়া যুৱ মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পূৰ্বতে চিকিৎসালয়খনত ২৪ ঘন্টাই চিকিৎসাসেৱা উপলব্ধ আছিল যদিও ১ আগষ্টৰ পৰা চিকিৎসকৰ অভাৱত মৰাণ ৰাজ্যিক চিকিৎসালয়ত কেৱল পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ বহিঃবিভাগ চলোৱাৰ লগতে জৰুৰীকালীন সেৱা কেৱল প্ৰসূতিৰ বাবেহে ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে ৷
অতি পৰিতাপৰ বিষয় যে এই চিকিৎসালয়খনত বৰ্তমান চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ পদটো খালী হৈ আছে ৷ তাৰ বিপৰীতে চিকিৎসালয়ত অস্থায়ীভাৱে নিযুক্তি দিয়া হৈছে হোমিঅ'পেথিক চিকিৎসক ডাঃ মৃদুস্মিতা ফুকনক ৷ স্বাস্থ্য বিভাগৰ এনে কাৰ্যৰ প্ৰতিবাদত বুধবাৰে অসমীয়া যুৱ মঞ্চৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত চিকিৎসালয়খনৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয় । এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে মৰাণ ৰাজ্যিক চিকিৎসালয়খনত পর্যাপ্ত চিকিৎসক নিযুক্তি দি চিকিৎসালয়খনক কাৰ্যক্ষম কৰি তোলা, ঐতিহ্যমণ্ডিত চিকিৎসালয়খনত শীঘ্ৰে চিকিৎসক নিযুক্তি দি জৰুৰীকালীন সেৱা বাহাল ৰখাৰ দাবী জনাইছে ৷