মৰাণ,১২ মাৰ্চ: ৰাজ্যখনৰ প্ৰতিটো সমষ্টিতে যাতে ১০০ শতাংশ ভোট দান সম্পন্ন হয় তাৰ বাবে এতিয়া যথেষ্ট তৎপৰ হোৱা দেখা গৈছে জিলা প্ৰশাসনসমূহক । আন জিলাসমূহৰ দৰে ডিব্ৰুগড় জিলা প্ৰশাসনেও ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ ।
জিলাখনৰ প্ৰতিটো সমষ্টিলৈ প্ৰশাসনৰ লোকসকল গৈ ভোটাৰসকলক ভোট প্ৰদানৰ বাবে আহ্বান জনাইছে । ভোটদানৰ বাবে যেন সকলোৱে ওলাই আহে তাৰ বাবেও বিশেষভাৱে আহ্বান জনাই ডিব্ৰুগড় জিলা প্ৰশাসনে ।