ডিব্ৰুগড়, 10 চেপ্তেম্বৰ:গাহৰি পালনৰ লাভালাভ আৰু প্ৰতিপালনক বিষয়বস্তু হিচাপে লৈ বৃহস্পতিবাৰে অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ সহযোগত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ সদৌ ডিব্ৰুগড় জিলা গাহৰি পালক সন্থাৰ তত্ত্বাবধানত টিংখাঙৰ ৰাজগড় জিলা পৰিষদৰ প্ৰেক্ষাগৃহত এই কাৰ্যনিৰ্বাহক তথা সজাগতা সভাখন অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত গাহৰি পালনেৰে কেনেকৈ লাভান্বিত হ'ব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয় ৷
টিংখাঙত গাহৰি পালনক লৈ সজাগতা সভা
অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ সহযোগত গাহৰি পালনক লৈ সজাগতা সভা ৷ গাহৰিৰ জন্মৰ পৰাই কি দৰে প্ৰতিপালন কৰিব লাগে,কেনে ধৰণৰ খাদ্য দিব লাগে,থাকিবৰ বাবে কেনেধৰণৰ বাসস্থান উপযোগী আদি সকলো কথা সামৰি বিশ্লেষণ ৷
প্ৰজেক্টৰৰ জৰিয়তে গাহৰিৰ জন্মৰ পৰাই কি দৰে প্ৰতিপালন কৰিব লাগে,কেনে ধৰণৰ খাদ্য দিব লাগে,থাকিবৰ বাবে কেনেধৰণৰ বাসস্থান উপযোগী আদি সকলো কথা সামৰি উপস্থিত ৰাইজৰ মাজত বিশ্লেষণ আগবঢ়োৱা হয় ৷ উক্ত অনুষ্ঠানত গুৱাহাটীৰ পশু চিকিৎসক,বিভিন্ন জিলাৰ গাহৰি সন্থাৰ বিষয়ববীয়া, বিভিন্ন প্ৰান্তৰ গাহৰি পালক,ৰাজগড়ৰ পশু চিকিৎসক,সমষ্টিৰ ভিন্ন প্ৰান্তৰ গাহৰি পালক সকলৰ লগতে বিভিন্ন গণ্য মান্য ব্যক্তি উপস্থিত থাকে । সভাৰ জড়িয়তে তেওঁলোকে ডিব্ৰুগড় জিলাতো উন্নত মানৰ গাহৰি মাংসৰ বিক্ৰী বিপণী খোলাৰ কথা ব্যক্ত কৰে ৷
লগতে পঢ়ক: বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ মুৰব্বীৰ সৈতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বৈঠক