অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত বিদ্যালয়ৰ প্ৰেক্ষাগৃহ আৰু শ্ৰেণীকোঠা উদ্বোধন বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ

মঙলবাৰে ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটি প্ৰেক্ষাগৃহ আৰু শ্ৰেণীকোঠাৰ শুভ উদ্বোধন লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ ৷ বান আৰু গৰাখহনীয়াত অঞ্চলটোৰ ৰাইজে সাময়িক আশ্ৰয় গৃহ হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ আৰু বিদ্যালয়খনতো পাঠদানৰ ক্ষেত্ৰত কোনো বাধা নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ ৷

auditorium and classroom inaugurated by mla Rituparna Boruah
বিদ্যালয়ৰ প্ৰেক্ষাগৃহ আৰু শ্ৰেণীকোঠাৰ উদ্বোধন বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ

By

Published : Dec 16, 2020, 9:47 AM IST

মৰাণ,16 ডিচেম্বৰ : মঙলবাৰে ডিব্ৰুগড়ৰ ৰহমৰীয়া অঞ্চলৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটি প্ৰেক্ষাগৃহৰ লগতে শ্ৰেণীকোঠা উদ্বোধন কৰে লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই । ৰাজ্যিক স্ব-অধিকাৰ পুঁজিৰ অধীনত 20 লাখ টকা ব্যয়ৰে নৱ নিৰ্মিত প্ৰেক্ষাগৃহটো উদ্বোধন কৰাৰ লগতে বিদ্যালয়খনত অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ অধীনত 5 লাখ টকাৰে নিৰ্মাণ কৰি উলিওৱা এটি অতিৰিক্ত শ্ৰেণীকোঠা উদ্বোধন কৰে বিধায়ক গৰাকীয়ে ।

বিদ্যালয়ৰ প্ৰেক্ষাগৃহ আৰু শ্ৰেণীকোঠাৰ উদ্বোধন বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ

উদ্বোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে কয় যে, বান আৰু গৰাখহনীয়াত অঞ্চলটোৰ ৰাইজে বাৰিষাৰ সময়ত সাময়িক আশ্ৰয় গৃহ হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ আৰু সমান্তৰালকৈ বিদ্যালয়খনতো পাঠদানৰ ক্ষেত্ৰত কোনো বাধা নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱা হৈছে ।

বিদ্যালয়ৰ প্ৰেক্ষাগৃহ আৰু শ্ৰেণীকোঠাৰ উদ্বোধন বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ

এই শুভ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়খনত বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয় । কাৰ্যসূচীত বিধায়কৰ লগতে বিজেপি লাহোৱাল মণ্ডলৰ সভাপতি, জিলা পৰিষদ, পঞ্চায়তৰ সভাপতি আৰু অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :মৰিগাঁৱত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ অন্তিম প্ৰচাৰ সম্পন্ন

ABOUT THE AUTHOR

...view details